নিউজ ডেস্ক :
সোমবাৰে সমগ্ৰ ৰাজ্যত আন্তঃজিলা যাতায়তত শিথিলতা ,এদিনৰ বাবে প্ৰদান কৰা হৈছে এই শিথিলতা।টুইটাৰৰ জৰিয়তে এই কথা অৱগত কৰিলে অসম আৰক্ষী অতিৰিক্ত সঞ্চালক প্ৰধান জিপি সিঙে।
উল্লেখ্য যে, চি.এ বাছনি পৰীক্ষাৰ বাবে এদিনৰ বাবে কৰা হৈছে শিথিলতা।পৰীক্ষাৰ্থী সকলৰ বাবে শিথিলতা প্ৰযোজ্য হ'ব।তাৰ বাদে অন্য লোকে কৰিব নোৱাৰিব আন্তঃজিলা যাতায়ত।
সিঙে টুইটত অৱগত কৰা মতে- ই-এডমিত কাৰ্ড দেখুৱাই অন্য জিলালৈ যাব পাৰিব পৰীক্ষাৰ্থী।পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত সোমবাৰৰ দিনটোত কাৰ্ফিউতো থাকিব শিথিলতা।
পৰীক্ষাৰ্থী সকলক সকলো ক্ষেত্ৰত প্ৰদান কৰা হৈছে ৰেহাই।
- Log in to post comments
- 157 views
