১৫ জুনৰ পৰা ৰাজ্যত জিলা ভিত্তিত আৰম্ভ হ'ব আন্‌লক প্ৰক্ৰিয়া- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

HBS

ৰাজ্যত ক'ৰ’না আক্রান্তৰ হাৰ ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে।১৫জুনৰ পৰা জিলা ভিত্তিত আৰম্ভ হ’ব আন্‌লক প্ৰক্ৰিয়া- ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ক’ভিড আক্রান্তৰ হাৰ যি জিলাতে হ্ৰাস পাব সেই জিলাতে আৰম্ভ হ’ব আন্‌লক। বৈজ্ঞানিক ভিত্তিত কৰা হ’ব আন্‌লক, তেওঁ লগতে কয়।

জনতাই যিমানে সহযোগ কৰিব সিমানেই আক্রান্তৰ হাৰ হ্রাস পাব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়- জীৱিকাৰ ওপৰত প্ৰভাৱ নপৰাকৈ অসমে ক’ভিডৰ বিৰুদ্ধে যুঁজ দিছে। সম্পূৰ্ণ লক্‌ডাউন নকৰাকৈ অসমে ক’ভিড নিয়ন্ত্ৰণ কৰিছে'।

ৰাজ্যত ৫০শতাংশ ক’ভিড কমিছে। গুৱাহাটীত তাতকৈ বেছি কমিছে। কিন্তু ভবা ধৰণেৰে কমা নাই। এই মাহৰ শেষলৈ আৰু হ্ৰাস পাব আক্রান্তৰ হাৰ। যিখন জিলাৰ পৰিৱেশ বেয়া হ’ব সেই জিলাত আন্‌লক নহ’ব- মুখ্যমন্ত্ৰীয়ে কয়।

সৰুসজাই ক’ভিড কেয়াৰ হস্পিতালৰ শুভ উদ্বোধন কৰি এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।

Your Comments

Related Articles