নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিৰুদ্ধে নিয়া তদন্তৰ দাবী বিজেপিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ

Anand Misra

নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় তথা  অপৰাধীৰ বাবে চিন্তাৰ কাৰণ হৈ উঠা নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিৰুদ্ধে  বিজেপিনেতাৰ মহাবিস্ফোৰণ। বিজেপিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাই আইপিএছ বিষয়াজনৰ ওপৰত ৰাষ্ট্ৰীয় তদন্তকাৰী সন্থা চমুকৈ নিয়াৰ তদন্ত দাবী কৰিছে। টুইটাৰৰ জৰিয়তে বিজেপিৰ জ্যেষ্ঠ নেতা ডেকাই জনপ্ৰিয় আৰক্ষীৰ বিষয়া গৰাকীৰ ওপৰত সন্দেহৰ আঙুলি তুলিছে। ধুবুৰীৰ সীমান্ত ডিএছপি গ্ৰেপ্তাৰ ঘটনাৰ উচিত তদন্তৰ বাবে সাংসদ গৰাকীয়ে মিশ্ৰৰ বিৰুদ্ধে উত্থাপন কৰিছে এই দাবী।

Romen Deka

সামাজিক মাধ্যমত প্ৰকাশিত মন্তব্যত ডেকাই উল্লেখ কৰিছে- নগাঁৱত বৰ্তমান আৰক্ষী অধীক্ষক জনৰ জনপ্রিয়তা মিডিয়াৰ সৃষ্টি। ধুবুৰীৰ ঘটনাৰ প্ৰকৃত অনুসন্ধানৰ জৰিয়তে তথ্য ফাদিল কৰাৰ দাবী জনাইছে কেন্দ্ৰক।

গুৰুত্বপূৰ্ণ কথা যে সাংসদ গৰাকী গৃহমন্ত্ৰালয়ৰ সংসদীয় সমিতিৰ সদস্য হৈ থাকোঁতেও আইপিএছ বিষয়া গৰাকীৰ বিৰুদ্ধে বহু কথা উল্লেখ কৰা বুলি দাবী কৰিছে।

Tweet

সাংসদ গৰাকীয়ে তদন্ত নিখুত হোৱাৰ স্বাৰ্থতে নিয়াৰ দ্বাৰা তদন্তৰ দাবী জনোৱা বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে আনন্দ মিশ্ৰ ধুবুৰীৰ পৰা নগাঁৱলৈ বদলি হৈ অহাৰ পিছতে ছিণ্ডিকেট, ড্ৰাগছ আদি বিভিন্ন অপৰাধজনীত কাৰণত জড়িত অভিযোগত গ্ৰেপ্তাৰ হৈছিল ডিএছপি যতীন চন্দ্ৰ দাস।

Your Comments