
ৰাজ্যত যোৱা সপ্তাহৰপৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি আন নৈ-উপনৈ সমূহৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে। ইয়াৰ লগে-লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ঊৰ্ধগামী হৈ উঠাত বাঢ়নি পানীয়ে কাজিৰঙাৰ এক বৃহৎ অঞ্চল বুৰাই পেলাইছে। বাঢ়নি পানীৰ ফলত সকলোফালৰ পৰা সংকটত পৰিছে ৰাষ্ট্ৰীয় উদ্যান খনৰ বন্যপ্ৰাণীসমূহ ৷ বানে প্লাৱিত কৰা বনাঞ্চল সমূহৰ পৰা বন্য জন্তুসমূহ গৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয়গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ অৱশ্যে ইয়াৰ সমান্তৰালভাৱে বানৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্মচাৰীসকলো ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলো সাজু হৈ উঠিছে বানৰ লগত মোকাবিলা কৰিবলৈ।
ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলত নতুন নাও ৬ খন নিৰ্মাণ কৰি উলিওৱাৰ লগতে বিছখন পুৰণি নাৱো মেৰামতি কৰি কাৰ্যক্ষম কৰি তোলা হৈছে ৷
ইয়াৰ উপৰিও বানৰ কবলত পৰা জীৱ-জন্তসমূহক সোনকালে উদ্ধাৰ কৰিব পৰাকৈ নাও চলাচল কৰা বাট সমূহো পৰিস্কাৰ কৰি তুলিছে কাজিৰঙা উদ্যান কৰ্তৃপক্ষই।বিগত সময়ৰ দৰেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাকৰ্মী সকলেও বানৰ লগত মোকাবিলা কৰিব পৰাকৈ সকলো প্ৰকাৰে সাজু হৈছে বুলি উদ্যান কৰ্তৃপক্ষৰপৰা জানিবলৈ পোৱা গৈছে।
- Log in to post comments
- 20 views