ক'ৰ'নাত আক্রান্ত তামোলপুৰৰ নৱনিৰ্বাচিত বিধায়ক লোহোৰাম বড়োৰ মৃত্যু

Luhuram Bodo

ক'ৰ’নাত আক্রান্ত হৈ অসমত দ্বিতীয়জন বিধায়কৰ মৃত্যু।গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ থকা তামোলপুৰৰ নৱনিৰ্বাচিত বিধায়ক লোহোৰাম বড়োয়ে শেষনিশ্বাস ত্যাগ কৰে।

ইউপিপিএলৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল বড়ো। ক’ভিড আক্রান্ত বড়োৰ শুক্ৰবাৰৰপৰা স্বাস্থ্যৰ অৱনতি ঘটিছিল। আইচিইউ-ত ভৰ্তি হৈ থকা বিধায়ক গৰাকীৰ শনিবাৰে পুৱা ৯.০৫ বজাত মৃত্যু হোৱাৰ কথা ঘোষণা কৰে চিকিৎসালয় কৰ্তৃপক্ষই।

আনহাতে নৱনির্বাচিত বিধায়ক গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাই মুখ্যমন্ত্ৰীয়ে। মন্ত্ৰী ইউ জি ব্ৰহ্ম, অশোক সিংহালক বিধায়ক গৰাকীৰ অন্তোষ্টিক্ৰিয়াত উপস্থিত থাকি ৰাজ্য চৰকাৰৰ হৈ শেষশ্ৰদ্ধা জনাবলৈ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে, সম্পূৰ্ণ চৰকাৰী মৰ্যাদাৰে প্ৰয়াত বিধায়কগৰাকীৰ শেষকৃত্য সম্পন্ন কৰাৰো নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।

Your Comments