
ক'ৰ'না আতংকৰ মাজতে দেশত ৬টা ধৰ্মৰ নাগৰিকক নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰনালয়ে জাৰি কৰিলে নিৰ্দেশনা।২৮ মে'ত জাৰি কৰিছে নিৰ্দেশনা।১৯৫৫ চনৰ নাগৰিকত্ব সংশোধনী আইনৰ ভিত্তিত পাকিস্তান, বাংলাদেশ, আফগানিস্তানৰ পৰা অহা ৬টা ধৰ্মৰ লোকৰ বাবে জাৰি কৰা হৈছে নিৰ্দেশনা।
উল্লেখ্য যে ৫খন ৰাজ্যৰ ১৩খন জিলাত প্ৰযোজ্য হোৱাকৈ জাৰি কৰা হৈছে নিৰ্দেশনা।হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টিয়ান লোকে কৰিব পাৰিব আৱেদন।
গুজৰাট, চট্টিশগড়, হাৰিয়ানা, ৰাজস্থান আৰু পাঞ্জাৱৰ বাবে নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰনালয়ে।
গুজৰাটৰ মৰ্বী, ৰাজপুত, পাতান আৰু বৰোডা জিলা, ছট্টিশগড়ৰ দুৰ্গ আৰু বালুডা বজাৰ, ৰাজস্থানৰ জালোৰ, উদয়পুৰ, পালি, বাৰমেৰ চিৰোহী জিলা আৰু একেদৰে হাৰিয়ানাৰ ফৰিদাবাদত, পাঞ্জাৱৰ জলন্ধৰত উক্ত নিৰ্দেশনা প্ৰযোজ্য হ’ব।
তাৎপৰ্যপূৰ্ণ কথা যে নিৰ্দেশনাত অৱশ্যে উল্লেখ নাই অসমৰ নাম। কিন্তু চৰ্চা চলিছে কেন্দ্ৰীয় চৰকাৰে 'কা' বলৱৎ কৰাৰ কুচকাৱাজ আৰম্ভ কৰিছে!
- Log in to post comments
- 16 views