চৰকাৰ ব্যস্ত চমক্‌ সৃষ্টিত, বিকল হৈ পৰি আছে বহুবোৰ জলসিঞ্চন প্ৰকল্প, পানীৰ হাহাঁকাৰ কৃষকৰ

বিকল জলসিঞ্চন প্ৰকল্প

জনতা চৰকাৰৰ সময়ত প্ৰয়াত কৃষি মন্ত্ৰী সোণেশ্বৰ বৰাৰ তত্ত্বাৱধানত প্ৰতিষ্ঠা হোৱা গোলাঘাট জিলাৰ শগুনপাৰা দ-চমুৱাৰ বিস্তীৰ্ণ অঞ্চল সামৰি লোৱা জলসিঞ্চন প্ৰকল্পটো বৰ্তমান উপযুক্ত মেৰামতিৰ অভাৱত বিকল হৈ পৰি আছে।

উল্লেখ্য যে, উক্ত জলসিঞ্চন প্ৰকল্পটো কেইবাশ কৃষকৰ কৃষি কাৰ্যৰ একমাত্ৰ আশা-ভৰসাৰ থল আছিল যদিও প্ৰকল্পটোৰ বৰ্তমানৰ অৱস্থাৰ বাবে কৃষকে সময়ত খেতি কৰিবলৈ অপাৰগ হৈছে। ফলত উপযুক্ত জলসিঞ্চন ব্যৱস্থাৰ অভাৱত হাঁহাকাৰ কৰিব লগীয়া হৈছে এইসকল শ্ৰমজীৱি কৃষক।

বৃহৎ এলেকা সামৰি লোৱা এই জলসিঞ্চন প্ৰকল্পটোৰ উপযুক্ত মেৰামতিৰ দাবী জনাইছে কৃষকসকলে। স্থানীয় কৃষকসকলে অভিযোগ উত্থাপন কৰিছে যে, যোৰহাট সংমণ্ডলৰ অধীনস্থ এই দ-চমুৱা ১নং জলসিঞ্চন প্ৰকল্পটোৰ কমেও ১৫ গৰাকী কৰ্মচাৰী বহুযুগ ধৰি কেৱল শুই -বহিয়েই দিন অতিবাহিত কৰিছে ৷

ইয়াৰোপৰি কৃষকসকলে নতুন চৰকাৰখনক চমক সৃষ্টিৰ পৰিৱৰ্তে বিকল হৈ থকা প্ৰকল্প সমূহ কাৰ্যক্ষম কৰি তুলিবলৈ দাবী জনাইছো ৷ তেওঁলোকৰ ভাষ্য যে, এইখিনি উন্নয়নৰ কাম কৰিলেহে প্ৰকৃত কৃষকসকল উপকৃত হ’ব ।

Your Comments