কাৰাগাৰৰ কয়দী আৰু মানসিক ৰোগীক ক’ভিড ভেকচিন দিয়া হ’ল বঙাইগাঁৱত

Vaccination

বঙাইগাঁও জিলা প্ৰশাসনৰ তত্ত্বাৱধানত সমাজ কল্যাণ বিভাগৰ অধীনত বঙাইগাঁৱত থকা স্বেচ্ছাসেৱী সংগঠন সৰ্বাংগীন বিকাশ ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত হাফ ৱে’ হোমৰ ১৫ গৰাকী মানসিক ৰোগী, নেভাৰ্ড মেণ্টেল হস্পিতালৰ ২১ গৰাকী মানসিক ৰোগী আৰু তেওঁলোকক চোৱাচিতা কৰা ৯ গৰাকী ব্যক্তি, আশ্ৰয়, গৃহহীন মানসিক ৰোগীসকলৰ গৃহৰ ৫ গৰাকী মানসিক ৰোগীক আৰু অভয়াপুৰীৰ জিলা কাৰাগাৰৰ ১৪২ গৰাকী কয়দীক জিলা স্বাস্থ্য বিভাগে ক’ৰ’না ভেক্‌চিন প্ৰদান কৰে ৷

উল্লেখ্য যে, ক’ভিড ভেক্‌চিন ল’ব পৰাকৈ এই লোকসকল বেছি সংখ্যকৰ কোনো ফটোযুক্ত পৰিচয় পত্ৰ নাছিল ৷ ‘কি ফেচিলিটৰ'ৰ জৰিয়তে পঞ্জীয়ন কৰি এই লোকসকলক ক’ভিড ভেকচিন প্ৰদান কৰা হয়।

Your Comments