
মিত্ৰজোঁটৰ অংশীদাৰ অসম গণ পৰিষদৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত সোমবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়। অগপ-ৰ কেন্দ্ৰীয় নেতৃত্বই মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী গৰাকীক উষ্ম আদৰণি জনাই।
অগপ-ৰ মুখ্য কাৰ্যালয়ৰ শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জনাই মুখ্যমন্ত্ৰী শৰ্মাই।
অগপ-ৰ কর্মীক উদ্দেশ্য কৰি ডঃ শৰ্মাই কয়- চৰকাৰখন যিদৰে বিজেপিৰ ঠিক সেইদৰে অগপ-ইউপিপিএল দলৰো। চৰকাৰৰ অগপদলৰ মন্ত্ৰী সকলে বিজেপি কৰ্মকর্তাক মৰম কৰিব আৰু বিজেপি কাৰ্যকর্তাই অগপ-ৰ কাৰ্যকর্তাক মৰম কৰিব"।
হাতে-হাত ধৰি আগবাঢ়ি যাম বুলি উল্লেখ কৰি কয়- প্ৰতিদ্বন্দীতা ৰাজনীতি নহয়, আমাৰ মাজত সহযোগিতা ৰাজনীতি আছে।
উল্লেখ্য অগপ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ সৈতে সাংসদ পল্লৱলোচন দাস, বিধায়ক জয়ন্ত মল্ল বৰুৱাও উপস্থিত থাকে।
- Log in to post comments
- 9 views