অসম বিধানসভাৰ অধিৱেশনত কোচ ৰাজবংশী জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ আহ্বান

Pic

#বকোৰ প্ৰতিবেদক:

আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ অধিৱেশন।বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনৰ প্ৰথমখন অধিৱেশনৰ প্ৰস্তাৱ গ্ৰহণ কাৰ্য্যসূচীত অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশীসকলক অতি শীঘ্ৰে জনজাতিকৰণৰ সিদ্ধান্ত লৈ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ অন্যতম জিলা সমিতি গুৱাহাটী জিলা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি বিষ্ণু ৰাম দাসে।

বৃহস্পতিবাৰে বকোস্থিত চিলাৰায় ভৱনৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতি যোগে সংগঠনটোৰ সভাপতি বিষ্ণু ৰাম দাসে জনায় যে অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া জাতীয় সমস্যা অনুসূচিত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰা বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰি অতি শীঘ্ৰে সমাধান কৰিবলৈ আহ্বান জনাইছে। কাৰণ অসমৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ বিগত কাৰ্য্যকালৰ নিৰ্বাচনী ইস্তাহাৰত ঘোষনা কৰিছিল যে চৰকাৰ গঠন হ'লে তিনি মাহৰ ভিতৰত অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব। এই ক্ষেত্ৰত চৰকাৰে বিষয়টো লোকসভাৰ অধিৱেশনত অনুমোদন কৰিছিল আৰু বাকীখিনি কাম কৰিবলৈ এখন মন্ত্ৰী গোটৰ কেবিনেট কমিটী গঠন কৰিছিল উক্ত কমিটীখনৰ অধ্যক্ষ হিচাপে আছিল পূৰ্বৰ চৰকাৰৰ মন্ত্ৰী আৰু বৰ্তমান চৰকাৰৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা। সেয়েহে চৰকাৰৰ মুৰব্বী হিচাপে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক কোচ ৰাজবংশী সংগঠনটোৰ তৰফৰ পৰা কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰি ন্যায় প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে।

  

Your Comments