
লুনা ১। ছোভিয়েটৰ প্রচেষ্টা। সময় আছিল ১৯৫৯ চনৰ জানুৱাৰী মাহ। পৃথিৱীৰ মাধ্যাকর্ষণ পাৰহৈ প্রথম কোনো মহাকাশযান অৱতৰণ কৰিছিল মহাকাশত। আৰু চন্দ্ৰৰ ৪০০০ মাইলৰ ভিতৰত উপস্থিত হৈছিল।
১৯৬৯ চনৰ ২০ জুলাইত অৱশ্য ইতিহাস সৃষ্টি হ’ল। নীল আৰ্মষ্ট্ৰং আৰু এডুইন 'বাজ' এলড্ৰিনে চন্দ্ৰৰ মাটি চুইছিল।
আৰ্মষ্ট্ৰঙে চন্দ্ৰৰ মাটিত নিজৰ জোতাৰ সাঁচ ৰাখি সেই ঐতিহাসিক কথাষাৰ কৈছিল - 'মানুহৰ বাবে এটা সৰু পদক্ষেপ, মানৱ জাতিৰ বাবে এটা বিশাল যাত্ৰাৰ আৰম্ভণি'।
নাছাৰ এপ’ল’ প্র’গ্রেমৰ মাধ্যমেৰে ৬বাৰ চন্দ্রাভিযান হৈছে। ১৯৬৯ চনত আছিল ইয়াৰ প্রথম অভিযান। আর্মষ্ট্ৰং আৰু এডুইনৰ বাহিৰেও এই অভিযানৰ সৈতে যুক্ত আছিল চার্লছ কনৰাড। যুক্ত আছিল এলান বিন, এডগাৰ মিছেল, ডেভিড স্কট, জেমছ আৰউইন, জন ইয়ুং আদি লোকো।
চন্দ্ৰক লৈ মানুহৰ কৌতূহল ক্ৰমশঃ বৃদ্ধি পাইছে। নতুন তথ্য আৰু অজান নতুন তথ্যৰ সন্ধানত মানুহক ঠেলি দিছে। চন্দ্রাভিযানৰ সেয়ে নানা প্রস্তুতি মানুহে কৰিছে।
সম্প্রতি নাছাই এক ব্যতিক্রমী পৰিকল্পনা কৰিছে। অচিৰেই তেওঁলোকে চন্দ্ৰলৈ লৈ যাব প্রথম কোনো কৃষ্ণাঙ্গ মানুহক; লৈ যাব প্রথম কোনো মহিলাকো।
নাছাৰ এপ’ল’ প্ৰজেক্টৰ অন্তর্গত আৰ্টেমিছ প্ৰ’গ্ৰেমৰ অংশ হিচাপে এই কাম কৰা হ’ব। ২০২৪ চনৰ ভিতৰত এই বিৰল কাৰ্য সম্পন্ন কৰা যাব বুলি আশা কৰা হৈছে।
- Log in to post comments
- 14 views