ক'ভিড আক্রান্ত হৈ মহানগৰীৰ গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ মৃত্যু

Pic

ক'ৰ'নাত আক্রান্ত হৈ মহানগৰীত শিক্ষয়িত্ৰীৰ মৃত্যু।সীমা হাজাৰী নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে ক'ভিড আক্রান্ত হৈ শুকুৰবাৰে মৃত্যুক আঁকোৱালি লয়। গণেশগুৰি গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত আছিল মৃত হাজাৰী।শিক্ষয়িত্ৰীগৰাকীয়ে যোৱা ৫ এপ্ৰিললৈ বিদ্যালয়ত পাঠদান আগবঢ়াইছিল।

ইফালে শিক্ষয়িত্ৰীগৰাকীৰ মৃত্যুৰ পাছতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক,শিক্ষক-কৰ্মচাৰীৰ মাজত সৃষ্টি হৈছে তীব্ৰ আতংক। ইফালে,মৃত শিক্ষয়িত্ৰীগৰাকীৰ পুত্ৰ-স্বামীও আক্রান্ত হৈছে ক'ৰ'নাত।

উল্লেখ যে গুৱাহাটীত ক'ৰ'না আক্রান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে।কামৰূপ মহানগৰ জিলা প্ৰশাসন যিকোনো মুহূৰ্ততে সমগ্ৰ জিলাখনত ১৪৪ ধাৰা জাৰি কৰাৰো সম্ভাৱনা আছে।

Your Comments