বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মালৈ সকাহ নির্বাচন আয়োগৰ।৪৮ঘণ্টাৰ শাস্তিৰ ম্যাদ ২৪ ঘণ্টালৈ হ্ৰাস আয়োগৰ।
প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱশেষত নিজৰ ভুল স্বীকাৰ কৰি দেশৰ নির্বাচন আয়োগৰ ওচৰত খুজিলে ক্ষমা-ভিক্ষা।ভৱিষ্যতে কেতিয়াও আচৰণবিধি ভংগ নকৰাৰ প্ৰতিশ্ৰুতি প্ৰদান আয়োগক।

আয়োগক নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা বিচৰাৰ পিচতে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে থকা শাস্তিৰ ম্যাদ ৪৮ ঘণ্টাৰ পৰা ২৪ ঘণ্টালৈ হ্ৰাস কৰিছে।অৰ্থাৎ দেওবাৰে অন্তিম প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব মন্ত্ৰীগৰাকীয়ে।
উল্লেখ যে তৃতীয় তথা অন্তিম পৰ্যায়ৰ নির্বাচনৰ প্ৰচাৰ অভিযানৰ দেওবাৰে সন্ধিয়া ৬ বজাত সামৰণি পৰিব।
- Log in to post comments
- 107 views
