
দেশৰ ৰাজধানী দিল্লীত প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে ক'ৰ'না আক্রান্তৰ সংখ্যা।মহানগৰখনত প্ৰতিদিনে ১৫০০তকৈ অধিক লোক আক্ৰান্ত হৈছে।গতিকে,চৰকাৰে পুনৰ লকডাউন দিয়াৰ আশংকা তীব্ৰ হৈছে জনতাৰ মাজত।কিন্তু,দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈন লকডাউন দিয়াৰ সম্ভাৱনা নুই কৰিছে।তেওঁ কয় যে লকডাউন বলৱৎ কৰি ইতিমধ্যে চোৱা হৈছে।কিন্তু,লকডাউনে ক'ৰ'নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ নোৱাৰিলে।মোৰ মতে লকডাউন ক'ৰ'নাৰ সংক্ৰমণ ৰোধৰ উপায় নহয়।
- Log in to post comments
- 14 views