৩০ জুলাইত প্ৰকাশ পোৱা এন আৰ চিৰ পূৰ্ণাংগ খচৰাত নাম অন্তৰ্ভুক্ত নোহাৱা ৪০ লাখ লোকৰ দাবী আবেদন গ্ৰহণ দিন পুনৰ স্থগিত ৰাখিলে উচ্চতম ন্যায়ালয়ে ৷ ৰঞ্জন গগৈ আৰু কেহিণ্টন ফলি নৰিমানৰ দুজনীয়া বিচাৰ পীঠে এই স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে ৫ ছেপ্টম্বৰত ৷
এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত পূৰ্বে ১৫খন নথি দাখিলৰ ব্যৱস্থা ১০খনলৈ হ্ৰাস কৰিছে ৷ উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰা এই সিদ্ধান্তৰ প্ৰসঙ্গত কেন্দ্ৰীয় চৰকাৰ আৰু সংশ্লিষ্ট পক্ষসমূহক অহা দুসপ্তাহৰ ভিতৰত মতামত জনাবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে ৷ এছ অ’ পিৰ বিষয়টো সিদ্ধান্ত গ্ৰহণ নোহাৱালৈকে তথা পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰালৈকে দাবী আপত্তি গ্ৰহণ অথবা জমা দিয়া ব্যৱস্থা বৰ্তমান বন্ধ থাকিব বুলি উচ্চতম ন্যয়ালয়ে মন্তব্য প্ৰকাশ কৰে ৷
ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, ভাৰতৰ মহাপঞ্জীয়কে গ্ৰহণ কৰা ১৫খন নথিৰ ভিতৰত ১০খন নথি বাহাল ৰাখিবলৈ ৰাজ্যিক সমন্বয়ক হাজেলাই ন্যায়ালয়ক আবেদন জনোৱাত অসন্তুষ্ট জমিয়ত আৰু আমছু ৷ ন্যয়ালয়ে গ্ৰহণ কৰিব বিছৰা ১০খন নথি হৈছে-
১৷ ১৯৭১ৰ ২৪ মাৰ্চলৈকে ভূমিৰ নথি ৷
২৷ ১৯৭১ৰ ২৪ মাৰ্চৰ মাজনিশালৈকে প্ৰদান কৰা ৰাজ্যৰ বাহিৰৰ স্থায়ী বাসিন্ধাৰ প্ৰমাণ-পত্ৰ ৷
৩৷ ১৯৭১ৰ ২৪ মাৰ্চৰ মাজনিশালৈ ভাৰত চৰকাৰে প্ৰদান কৰা পাৰ-পত্ৰ ৷
৪৷ ১৯৭১ৰ ২৪ মাৰ্চৰ মাজনিশালৈ ভাৰতীয় জীৱন বীমাৰ পলিচী ৷
৫৷ ১৯৭১ৰ ২৪ মাৰ্চৰ মাজনিশালৈকে প্ৰদান কৰা চৰকাৰী অনুজ্ঞা-পত্ৰ ৷
- Log in to post comments
- 17 views
