ছাত্ৰ সন্থাৰ অনুশাসন ভংগ:উত্তৰ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি দ্বীপজ্যোতি বৰ্মনক সদস্য পদৰ পৰা অব্যাহতি

হাজোৰ বিশেষ প্ৰতিবেদক: সদৌ অসম ছাত্ৰ সন্থাৰ অনুশাসন ভংগ কৰাৰ বাবে উত্তৰ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি দ্বীপজ্যোতি বৰ্মনক সদস্য পদৰ পৰা বাধ্যতামূলক অব্যাহতি দিয়া হয়।৯ জানুৱাৰীত আমিনগাঁঁৱত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন জৰুৰীকালীন কাৰ্যনিৰ্বাহক সভাত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক তথা সদৌ উত্তৰ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি দ্বীপজ্যোতি বৰ্মণক সাংগঠনিক অনুশাসন ভংগ কৰাৰ অপৰাধত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্য পদৰ পৰা বাধ্যতামূলক অব্যাহতি দিয়া হয়। লগতে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি ভৱজ্যোতি ডেকা আৰু সম্পাদক পংকজ কলিতাই প্ৰেছ বিজ্ঞতিযোগে জনোৱা অনুসৰি কিছু বছৰ পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধানৰ অনুশাসন ভঙ্গৰ অপৰাধত বাধ্যতামূলক অব্যাহতি দিয়া এগৰাকী ব্যক্তিয়ে ভয়-ভাবুকিৰে আমিনগাঁঁও অঞ্চলত চান্দা-বৰঙনি সংগ্ৰহ কৰি আছুক জনমানসত হেয় প্ৰতিপন্ন কৰিছে।উক্ত ব্যক্তিগৰাকীৰ বিৰুদ্ধে জিলা প্ৰশাসনক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।লগতে প্ৰেছ বিজ্ঞতিত জনোৱা অনুসৰি আগন্তুক দিনত সদৌ উত্তৰ গুৱাহাটী ছাত্ৰ সন্থাৰ কাম-কাজ চলাই নিবলৈ উপ-সভাপতি জিষ্ণু নাথক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব প্ৰদান কৰা হয়।

Your Comments