ৰন্ধন গেছ চিলিণ্ডাৰৰ পুনৰ মূল্যবৃদ্ধি

ৰন্ধন গেছ চিলিণ্ডাৰৰ পুনৰ মূল্যবৃদ্ধি

সাধাৰণ জনতাৰ মূৰত পুনৰ মাধমাৰ । আকৌ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম । মূল্যবৃদ্ধিত জুৰুলা দেশবাসীক ৰামটাঙোন চৰকাৰৰ । ঘৰুৱা ব্যৱহাৰৰ চিলিণ্ডাৰৰ লগতে বাণিজ্যিক ক্ষেত্ৰত ব্যৱহৃত চিলিণ্ডাৰৰো দাম বৃদ্ধি ।

ঘৰুৱা ৰাজসাহায‍্যপ্ৰাপ্ত প্ৰতিটো চিলিণ্ডাৰত ১.৪৯ টকা আৰু ৰাজসাহায‍্যবিহীন গেছ চিলিণ্ডাৰত ৩০.৫০ টকাকৈ বৃদ্ধি পালে মূল্য । আনহাতে, বাণিজ্যৰ ক্ষেত্ৰত ব্যৱহৃত প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৪৮.৫০ টকাকৈ বৃদ্ধি পালে ।

শুকুৰবাৰে মাজনিশাৰ পৰা কাৰ্যকৰী হ'ল এই নতুন নিৰিখ । ডলাৰৰ বিনিময়ত ভাৰতীয় টকাৰ মূল্য পৰিৱৰ্তনৰ অজুহাত দেখুৱাই বৃদ্ধি কৰে চিলিণ্ডাৰৰ মূল্য । ইয়াৰ পূৰ্বে ক্ৰমে জুন আৰু জুলাই মাহতো বৃদ্ধি কৰা হৈছিল ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য ।

এতিয়া সাধাৰণ জনতাৰ মাথোঁ এটাই প্ৰশ্ন- ক'ত গ'ল নিৰ্বাচনৰ আগত 'আচ্চে দিন'ৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰ ? এয়াই নেকি বিজেপি চৰকাৰৰ আচ্ছে দিন ? নে ইয়াতকৈও আৰু আচ্চে দিন দেখিবলৈ পাব দেশবাসীয়ে ?

Your Comments