
ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ অস্থি আজি ডিব্ৰুগড়তো বিসৰ্জন দিয়া হয়। আজি ডিব্ৰুগড় বিমানবন্দৰৰ পৰা হাজাৰ হাজাৰ গুণমুগ্ধই বাজপেয়ীৰ অস্থি কলহ লৈ এক শোভাযাত্ৰা বাহিৰ কৰে। মন্ত্ৰী কেশৱ মহন্ত, তপন কুমাৰ গগৈ, পল্লব লোচন দাসে নেতৃত্ব দিয়া এই শুভাযাত্ৰা ডিব্ৰুগড় চহৰৰ চৌকিডিঙি চাৰিআলিত সামৰণি পাৰে। চৌকিডিঙি চাৰিআলিটো বাজপেয়ীৰ গুণমুগ্ধ সকলে শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বিয়লি ভাগত অস্থি কলহ লৈ সমদল কৰি ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ কছাৰীঘাটত বিসৰ্জন দিয়ে।
- Log in to post comments
- 4 views