অসমৰ ‘বন্ধু’ কুলদীপ নায়াৰ আৰু নাই

kuldeep_nayyar

অসমৰ সমস্যা সমূহৰ সমাধানৰ স্বাৰ্থত দেশৰ ভিতৰে বাহিৰে প্ৰৱল জনমত গঠন কৰা অন্যতম ব্যক্তি গৰাকী আৰু নাই।অসম আৰু অসমীয়াৰ বাবে সচা অৰ্থত বন্ধু কুলদীপ নায়াৰৰ বুধবাৰৰ নিশা নতুন দিল্লীত মৃত্যু হয় । দেশৰ আভ্যন্তৰীণ শান্তিৰ বাবে আজীৱন যুজঁ দি গল অসমৰ ‘বন্ধু’ কুলদীপ নায়াৰে ।

১৯২৪ ত পঞ্জাৱৰ শিয়ালকোটত জন্ম লাভ কৰা কুলদীপ নায়াৰৰ পৰিয়াল দেশ বিভাজনৰ পিছত ভাৰতলৈ আহে।৯৫ বছৰ বয়সত নতুন দিল্লীৰ চিকিৎসালত মৃত্যু হোৱা কূলদীপ নায়াৰ লণ্ডনত ভাৰতৰ উচ্চ আয়ুক্ত হৈ থকাৰ লগতে লাল বাহাদুৰ শাস্ত্ৰীৰ কাৰ্য্য কালত জন সংযোগৰ দায়িত্বত আছিল।সংবাদ জগতৰ লগত জড়িত হৈ পৰা নায়াৰে দুটা দশক ‘দ্যা টাইমছ’ কাকতৰ প্ৰতিনিধি হিচাপে সাংবাদিকতা কৰিছিল।সংবাদ মাধ্যমৰ প্ৰতি তেখেত আছিল দায়বদ্ধ।সাংবাদিকতা কৰিছিল সমাজৰ স্বাৰ্থত।জৰুৰীকালীন সময়ত এই ব্যৱস্থাৰ তীব্র বিৰোধিতা কৰিছিল কুলদীপ নায়াৰে । সংবাদ জগতৰ বাবে তেখেতে এক আদৰ্শ দি গৈছে ।

kuldeep_nayar

ৰাজ্যসভাৰ সদস্য হিচাপে সমগ্র দেশৰ লগতে অসমৰ বাবে বহুতো সহযোগ আগবঢ়াই গৈছে।অসম আন্দোলনৰ সময়ত অসমৰ জনগণৰ মাজত থাকি সমস্যা বিলাক উপলব্ধি কৰিছিল আৰু অসমৰ স্বাৰ্থত শক্তিশালী ভাবে তেখেতে কলম ধৰিছিল । অসম আন্দোলনৰ আৰম্ভণিৰ সময়তে কেন্দ্ৰীয় চৰকাৰক উদ্দেশ্যি কৈছিল "কেন্দ্ৰই এই অঞ্চলটোক ইমানেই অৱহেলা কৰি আহিছে যে তাত অৰ্থনৈতিক উন্নয়নৰ নামত একো কৰা হোৱা নাই ৷ আনকি এই অঞ্চলত এঠাইৰ পৰা আন এঠাইলৈ যাবলৈ বাট-পথ পৰ্যন্ত নাই।ইয়াৰ লগতে বিদেশীৰ প্ৰশ্নটো লৈ অসম আন্দোলনৰ দৰে এটি গণ আন্দোলনক একেবাৰে চৰম পৰ্যায়লৈ ঠেলি দিয়া হৈছে।

নতুন দিল্লীয়ে কেতিয়াবাই সমস্যাটো সমাধান কৰি পেলাব পাৰিলেহেঁতেন । কিন্তু চৰকাৰে এই সত্যৰ সন্মুখীন হ'বলৈ বিচৰা নাই যে অসমীয়াসকল তেওঁলোকৰ নিজৰ ৰাজ্যতে নিকৃষ্ট আৰু নিৰাপত্তাহীন বোধ কৰিবলৈ বাধা হৈছে।এই ভয়ৰ পৰা যাতে তেওঁলোক মুক্ত হ'ব পাৰে, তেনে ব্যৱস্থা লোৱা উচিত" ।

কুলদীপ নায়াৰে কৈছিল "অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী কাৰ্যকলাপ উদ্বেগৰ বিষয়।কিন্তু ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰেই জগৰীয়া"।অসম আৰু অসমীয়াৰ স্বাৰ্থত কুলদীপ নায়াৰে বহুকেইখন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনাত অংশগ্ৰহণ কৰি অসমৰ এগৰাকী ‘বন্ধু’ হিচাপে থিয় হৈ আহিছে । অসমে এজন ভাল শুভচিন্তক হেৰুৱালে ।

Your Comments