
নিউজ ডেস্ক:
আমি কেৱল ২০০০ মেগাৱাটৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৱে অসমত সৃষ্টি কৰিব পৰা প্ৰলয়ৰ বিষয়ে আলোচনা-বিলোচনা কৰি থাকোঁতেই অৰুণাচলত তেনে আৰু ১৩ টা বৃহৎ আৰু মজলীয়া জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম পৰ্যায় ক্ৰমে আগবাঢ়িছে। এই ১৩ টা জলবিদ্যুৎ প্ৰকল্পৰ পৰা মুঠ ১২,৭২৩ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনৰ লক্ষ্য স্থিৰ কৰা হৈছে। ২,৮৮০ মেগাৱাট ক্ষমতাৰ বৃহৎ দিবাং বহুমুখী প্ৰকল্পটোৰ কথা ইয়াত উল্লেখ কৰা নাই।
কথাটো আগেয়েও আঙুলিয়াই দিছিলোঁ। এই আটাইকেউটা প্ৰকল্পৰ পৰা অহা কুৰি বছৰত অৰুণাচল প্ৰদেশৰ বিস্তৰ অৰ্থনৈতিক উন্নয়ন হয়তো ঘটিব (তেনে সপোনেই দেখুওৱা হৈছে !) কিন্তু সমান্তৰাল ভাৱে ভয়ানক দুৰ্যোগৰ মুখামুখি হ'বলৈও অৰুণাচলৰ জনসাধাৰণ প্ৰতিনিয়ত সাজু থাকিব লাগিব ! তেনেদৰে অৰুণাচলৰ লগতে বান্ধ নিৰ্মাণ কৰা নদীসমূহৰ নামনি অংশত থকা অসমৰ বিভিন্ন এলেকাও সদায়েই দুৰ্যোগপ্ৰৱণ হৈ থাকিব।
অতি শেহতীয়াকৈ যোৱা ১০ নৱেম্বৰ তাৰিখে ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ অধীনস্থ কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণে(Central Electrical Authority) অৰুণাচলত নিৰ্মাণ কৰিবলৈ লোৱা ৩,০৯৭ মেগাৱাটৰ ইটালিন আৰু ৬৮০ মেগাৱাটৰ আটুনলি জলবিদ্যুৎ প্ৰকল্প দুটাৰ বিশদ প্ৰকল্প প্ৰতিবেদন(Detailed Project Report) গ্ৰহণ কৰি অনুমোদন জনাইছে। দেশৰ সবাতোকৈ বৃহৎ জলবিদ্যুৎ প্ৰকল্প হিচাপে পৰিগণিত হ'বলগীয়া ইটালিন প্ৰকল্পটোৰ ব্যয় নিৰ্ধাৰণ কৰা হৈছে ৩২,৮১৩ কোটি টকা আৰু আটুনলি প্ৰকল্পটোৰ বাবে ৬,৮৬৬ কোটি টকা। ইটালিন প্ৰকল্পটো প্ৰথমে 'জিন্দাল পাৱাৰ' আৰু অৰুণাচল চৰকাৰে যুটীয়া ভাৱে নিৰ্মাণ কৰাৰ কথা আছিল যদিও এতিয়া ইয়াৰ নিৰ্মাণৰ দায়িত্ব কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান Satluj Jal Vidyut Nigam (SJVN)ৰ ওপৰত ন্যস্ত কৰা হৈছে।
'সেউজ বিদ্যুৎ' বুলি অভিহিত কৰা জলবিদ্যুৎ উৎপাদনত কয়লা ভিত্তিক তাপবিদ্যুৎ উৎপাদনৰ দৰে কাৰ্বন নিৰ্গমণকে ধৰি আন আন প্ৰকাৰৰ প্ৰদূষণৰ সৃষ্টি নকৰে যদিও ইয়াৰ নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা এক বৃহৎ এলেকাৰ জৈৱ-বৈচিত্ৰতাৰ প্ৰতি যথেষ্ট ভাবুকি কঢ়িয়াই আনে। তদুপৰি প্ৰাকৃতিক দুৰ্যোগ যেনে ভূমিকম্প বা ডাৱৰ বিস্ফোৰণৰ ফলত প্ৰকল্পৰ নদীবান্ধে এক মহাপ্ৰলয়ৰ সূচনা কৰাৰ পূৰ্ণ সম্ভাৱনা থাকে। তাতে অতি প্ৰাবল্যৰ ভূকম্পন এলেকা হিচাপে চিহ্নিত অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰিবলৈ লোৱা বৃহৎ নদীবান্ধ সমূহে নিশ্চিতকৈ সংশয় কঢ়িয়াই আনিছে।
নদীবান্ধৰ বাবে ক্ষতিগ্ৰস্ত হ'বলগীয়া অৰুণাচলৰ ৰাইজে ক্ষুদ্ৰ পৰিসৰত হ'লেও তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখিছে কিন্তু
এসময়ত উগ্ৰমূৰ্তিৰ ৰূপ ধাৰণ কৰা অসমৰ নদীবান্ধ বিৰোধী শিবিৰ দেখোন এতিয়া শীতনিদ্ৰাত !!!
#Ranu Baruahৰ ফেচবুকৰ পৰা সংগৃহীত
- Log in to post comments
- 9 views