৪ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব সদনৰ শীতকালীন অধিৱেশন

নিউজ ডেস্ক:
চাৰি ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব সংসদৰ শীতকালীন অধিৱেশন। সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে বৃহস্পতিবাৰে এই কথা জনায়।লগতে কয় যে ২২ ডিচেম্বৰত এই অধিৱেশনৰ সামৰণি পৰিব।
সামাজিক মাধ্যমৰ জৰিয়তে এই কথা জনায় যোশীয়ে। এই ১৯ দিনত ১৫ খন বৈঠক অনুষ্ঠিত হ'ব। মন্ত্ৰী গৰাকীয়ে কয়, অমৃত কালৰ এই সময়চোৱাত সদনৰ কাম-কাজ আৰু অন্যান্য বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ উৎসুক। তৃণমূল কংগ্ৰেছৰ সাংসদ মহুয়া মৈত্ৰাৰ বিৰুদ্ধে "ধনৰ বিনিময়ত প্ৰশ্ন সোধা"ৰ অভিযোগ সন্দৰ্ভত লোকসভাৰ সংসদীয় সমিতিৰ প্ৰতিবেদনো এই অধিৱেশনৰ সময়ত উত্থাপন কৰা হ'ব। সমিতিখনে মহুৱাক সদনৰ পৰা বৰ্জন কৰাৰ নিৰ্দেশ দিছে।

 

Your Comments

Related Articles