নৱম ইলোৰা-অজন্তা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ ’নেলীৰ কথা'

 A

 

নিউজ ডেস্ক:
নৱম ইলোৰা-অজন্তা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পূৰ্ণদৈৰ্ঘৰ অসমীয়া মননশীল চিনেমা "নেলীৰ কথা" প্ৰতিযোগিতা শাখালৈ নিৰ্বাচিত হৈছে। উল্লেখ্য যে এই চলচ্চিত্ৰ মহোৎসৱ অহা ২০২৪ চনৰ জানুৱাৰী মাহৰ ৩ ৰপৰা ৭ জানুৱাৰীলৈ ঔৰাংগবাদত অনুষ্ঠিত হ'ব।
পৰিচালক পাৰ্থজিৎ বৰুৱাই এই সফলতা অলপতে মৃত্যুক সাৱটিলোৱা "নেলীৰ কথা"ৰ সংগীত পৰিচালক ডেনিয়েল ইংতি আৰু এই চিনেমাখনতেই অভিনয় কৰা মুকুট চন্দ্ৰ ভূঞাৰ নামত উৎসৰ্গা কৰিছে।
অহা ৮ ডিচেম্বৰত সমগ্ৰ অসমতে মুক্তি পাবলগীয়া এই চিনেমাখনে ইতিমধ্যে গ্ৰীচৰ ৬৪তম থেছালনিকী আন্তৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ মাৰ্কেটিং বিভাগলৈ আমন্ত্ৰণ লাভ কৰিছে ৷ নেলীৰ গণহত্যাক মূল বিষয় হিচাপেলৈ সংবেদনশীলতাৰে "নেলীৰ কথা" চিনেমাখন নিৰ্মাণ কৰিছে। ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নগাঁৱৰ বৰ্তমান মৰিগাঁও জিলাৰ নেলীত সংঘটিত হোৱা এই কৰুণ ঘটনাক আজিও অসমৰ ৰাইজে পাহৰিব পৰা নাই।

Your Comments

Related Articles