
নিউজ ডেস্ক:
প্ৰয়াক অভিনেতা ইন্দ্ৰ বণিয়াৰ একমাত্ৰ পুত্ৰ সংগীত শিল্পী গৌৰৱ বনিয়াৰ মৃত্যু ৷
জিএমচিএইচত সোমবাৰে দিনৰ ১২.২০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
জানিব পৰা মতে কেইবামাহ ধৰি অসুস্থ হৈ আছিল তেওঁ।
উল্লেখ্য যে ,'হালধীয়া চৰাইয়ে বাও ধন খায়' ছবিখনৰ শিশু শিল্পী আছিল গৌৰৱ বণিয়া।এগৰাকী সংগীত শিল্পী হিচাপে সকলোধৰণৰ বাদ্যও বজাব পাৰিছিল তেওঁ। গুৱাহাটী আকাশবাণীৰ জৰিয়তে সম্প্ৰসাৰিত নাটক 'শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট'টো অভিনয় কৰিছিল তেওঁ।
- Log in to post comments
- 5 views