অন্তিম যাত্ৰা যুগদ্ৰষ্টাগৰাকীৰ 

অন্তিম যাত্ৰা যুগদ্ৰষ্টাগৰাকীৰ 

যুগদ্ৰষ্টাগৰাকীৰ শেষ যাত্ৰা ৷ দায়িত্বত আছে দেশৰ তিনিওটা সেনাবাহিনী ৷ নতুন দিল্লীৰ ২৫টা পথৰ যান-বাহন নিয়ন্ত্ৰণ কৰা হৈছে ৷ অন্তিম যাত্ৰাত যাতে কোনোধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি নহয় তাৰ সকলো ব্যৱস্থা কৰিছে দিল্লীৰ প্ৰশাসনে ৷

লাখ লাখ গুণমুগ্ধ ৰাজপথত নামি পৰিছে ৷ ৰাষ্ট্ৰ নেতাগৰাকীৰ শেষযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা গুণমুগ্ধসকল দিল্লীত ভৰি পৰিছে ৷

পুৱা কৃষ্ণ মেনন মাৰ্গত থকা অটল বিহাৰী বাজপেয়ীৰ বাসভৱনৰ পৰা বিজেপিৰ মুখ্য কাৰ্যালয়লৈ আগবঢ়াই নিয়া হ'ল বাজপেয়ীৰ নশ্বৰদেহ ৷

ৰাজনীতিৰ উৰ্ধ্বত, সাম্প্ৰদায়িকতাৰ উৰ্ধ্বত লাখ লাখ ভাৰতীয় আগবাঢ়িছে নশ্বৰদেহৰ পিছে পিছে ৷ সৰ্বজনপ্ৰিয় ৰাষ্ট্ৰীয় নেতাগৰাকীৰ শেষ বিদায় যাত্ৰা ৷

অন্তিম যাত্ৰা যুগদ্ৰষ্টাগৰাকীৰ 

বাজপেয়ীৰ বাসভৱনৰ পৰা ৬ কিঃমিঃ দূৰত্বত দীনদয়াল উপাধ্যায় মাৰ্গত বিজেপিৰ নতুন মুখ্য কাৰ্যালয় ৷ বিজেপিৰ জন্মদাতাগৰাকী কিন্তু এই নতুন কাৰ্যালয়টোলৈ অসুস্থতাৰ বাবে যাব পৰা নাছিল ৷

আজি গ'ল ৷ লাখ লাখ ভাৰতীয়ই বাজপেয়ীক লৈ গ'ল সেই কাৰ্যালয়টোলৈ, য'ৰ পৰা আজি দেশৰ ৰাজনীতি পৰিচালিত হৈ আছে ৷ শ্ৰদ্ধা জনালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

শ্ৰদ্ধা জনালে লালকৃষ্ণ আদৱানী, অমিত শ্বাহ, ৰাজনাথ সিংহ, অনন্ত কুমাৰ, সুৰেশ প্ৰভু, যোগী আদিত্য নাথ, উদ্ধৱ থাকৰেৰ লগতে বহু নেতাই ৷

অন্তিম যাত্ৰা যুগদ্ৰষ্টাগৰাকীৰ 

বাজপেয়ীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিবলৈ আহিছে ভূটানৰ ৰজা ৷ নেপাল, বাংলাদেশৰ প্ৰতিনিধিসকলে শ্ৰদ্ধা জনালেহি ৰাষ্ট্ৰীয় নেতাগৰাকীক ৷

বাজপেয়ীৰ নশ্বৰদেহৰ পিছে পিছে পদব্ৰজে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ প্ৰধান মন্ত্ৰীক সংগ দিলে অমিত শ্বাহে ৷ স্মৃতিস্থলীলৈ অটল বিহাৰী বাজপেয়ীৰ অন্তিম যাত্ৰা ৷

লক্ষজনে লগ দিলে এই যাত্ৰাত ৷ ভাৰত ৰত্নগৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি ৷ দেশৰ ৰাজনীতিৰ পিতামহ স্বৰূপ বাজপেয়ীৰ মহাপ্ৰয়াণত শোকস্তব্ধ আজি দেশবাসী ৷

Your Comments