দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণাৱালে৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক শোক বাৰ্তাত মুখ্য মন্ত্ৰী সোণোৱালে বাজপেয়ীৰ দেহাৱসানত ৰাষ্ট্ৰই একৰাকী যুগদ্ৰষ্টাক হেৰুৱালে বুলি ব্যক্ত কৰে৷ তেওঁ লগতে কয় যে প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি আছিল বিশেষ অনুৰাগ৷ উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক বিকাশক তৰাত্বিত কৰাৰ বাবে তেখেতৰ কাৰ্যকালতে ড'নাৰ মন্ত্ৰণালয় সৃষ্টি কৰিছিল৷

২০০২ বৰ্ষত বগীবিল দলঙৰ আধাৰশিলা স্থাপন তেওঁৰ কাৰ্যকালতে হৈছিল৷ নুমলীগড় শোধনাগাৰ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু ব্ৰহ্মপুত্ৰৰ উপৰত নিৰ্মিত তৃতীয়খন দলং নৰনাৰায়ণ সেতুও এইগৰাকী প্ৰধান মন্ত্ৰীয়ে ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিছিল৷ অসমৰ প্ৰতি থকা তেওঁৰ বিশেষ অনুৰাগৰ কথা উল্লেখ কৰি সোণোৱালে কয় যে অসম আন্দোলনৰ সময়ত তেওঁ আগবঢ়োৱা নৈতিক সমৰ্থন ৰাজ্যখনৰ জনসাধাৰণে সদাই স্মৰণ কৰিব৷ আনহাতে এইগৰাকী মহান নেতাৰ প্ৰধান মন্ত্ৰিত্বৰ সময়তে আমেৰিকাকে ধৰি পৃথিৱীৰ বিভিন্ন শক্তিশালী ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ বৈদেশিক সম্পৰ্ক শক্তিশালী হৈছিল বুলিও মুখ্য মন্ত্ৰীয়ে লগতে কয়৷ দেশৰ বিকাশৰ ক্ষেত্ৰত আন্তগাঁথনিৰ ভূমিকা মৰ্মে মৰ্মে উপলব্ধি কৰিছিল বাবে 'প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা'ৰ লেখিয়া বৃহৎ প্ৰকল্পৰ সূচনা কৰিছিল বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে তেওঁক এগৰাকী ভৱিষ্যদ্ৰষ্টা হিচাপে অভিহিত কৰে৷ দেশৰ স্বাভিমান বৃদ্ধিকেই জীৱনৰ একমাত্ৰ লক্ষ্য হিচাপে গ্ৰহণ কৰা এই নেতাগৰাকীয়েই 'ইষ্ট-ৱেষ্ট ক'ৰিডৰ' নিৰ্মাণৰ দৰে বৃহৎ প্ৰকল্পৰো আৰম্ভণি ঘটাইছিল৷

তেখেতৰ সবল নেতৃত্বৰ কথা উল্লখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে পোখৰাণ পাৰমাণৱিক পৰীক্ষা, কাৰগিল যুদ্ধত ভাৰতৰ বিজয় সাব্যস্তকৰণেৰে বিশ্বৰ দৰবাৰত দেশক শক্তিশালী স্থিতিত উপনিত কৰোৱাত এইগৰাকী মহান নেতাৰ অৱদান আছিল অতুলনীয়৷ সৰ্বদা সৰলতাৰে ভৰা আচাৰ-ব্যৱহাৰেৰে সকলোকে মোহাচ্ছন্ন কৰা এইগৰাকী ৰাষ্ট্ৰ নেতা এগৰাকী সু-বক্তা আৰু বিশিষ্ট সাহিত্যিক হিচাপেও দেশৰ লগতে বিশ্বৰ সকলো প্ৰান্ততে পৰিচিত আছিল৷

১৯৯৪ চনত শ্ৰেষ্ঠ সাংসদৰ সন্মা্ন লাভ কৰা তথা ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান 'ভাৰত ৰত্ন'ৰে বিভূষিত এইগৰাকী ৰাষ্ট্ৰ নেতাৰ দেহাৱসানত ৰাষ্ট্ৰই এগৰাকী স্বপ্নদ্ৰষ্টা, নিৰ্ভীক, নিষ্ঠাবান আৰু সৰ্বোপৰি এগৰাকী মানৱ দৰদী নেতাক হেৰুৱালে বুলি মুখ্য মন্ত্ৰীয় কয়৷ মুখ্য মন্ত্ৰীয়ে প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়৷
- Log in to post comments
- 17 views
