সংকল্পৰ জৰিয়তে পূৰণ হ'ব পাৰে দেশৰ সপোন- প্ৰধান মন্ত্ৰী

সংকল্পৰ জৰিয়তে পূৰণ হ'ব পাৰে দেশৰ সপোন- প্ৰধান মন্ত্ৰী

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লালকিল্লাত আজি ৭২সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে ৷

কটকটীয়া নিৰাপত্তাৰ মাজত আয়োজন কৰা ৭২সংখ্যক স্বাধীনতা দিৱসত এইবাৰ দেখিবলৈ পোৱা গ'ল মোডীৰ নিৰাপত্তাৰ দায়িত্বত দেশৰ প্ৰথমটো বীৰাংগনা দলক ।

সংকল্পৰ জৰিয়তে পূৰণ হ'ব পাৰে দেশৰ সপোন- প্ৰধান মন্ত্ৰী

উল্লেখ্য যে "ছোৱাত" নামৰ মহিলা বীৰাংগনা দলটোত আছে অসমৰ ১৩গৰাকী মহিলা কামাণ্ডো । পতাকা উত্তোলন কৰি দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত প্ৰধান মন্ত্ৰী মোডীয়ে কয়, 'সংকল্পৰ জৰিয়তে পূৰণ হ'ব দেশৰ সপোন ।

সংকল্পৰ জৰিয়তে পূৰণ হ'ব পাৰে দেশৰ সপোন- প্ৰধান মন্ত্ৰী

দেশ আজি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ । ত্যাগ আৰু পৰাক্ৰমী বাবেই লালকিল্লাত আজি ত্ৰিৰংগ উৰিছে । সপোন ডাঙৰ হ'ব লাগে, লক্ষ দূৰ হ'ব লাগে । আমি সিদ্ধান্ত লৈছোঁ আৰু সেই সিদ্ধান্তত অটল থাকোঁ ।

সংকল্পৰ জৰিয়তে পূৰণ হ'ব পাৰে দেশৰ সপোন- প্ৰধান মন্ত্ৰী

দেশত আজি উন্নয়ন হৈছে । ৪ বছৰৰ আগৰ অৱস্থা চালে এতিয়াৰ প্ৰগতিৰ উমান পাব পাৰি ।

ভাৰত আজি বিশ্বৰ ষষ্ঠ অৰ্থনীতিৰ দেশ । ভাৰতক উজলাই তোলাটো আমাৰ লক্ষ্য । সম-বিকাশ, সম-উন্নয়ন আমাৰ কাম্য ।'
 

Your Comments