বৰাকৰ পৰা আব্দুল আলিম চৌধুৰী
হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ ব্যক্তিগত নিৰাপত্তা বিষয়া উঠাই লৈছে অসম আৰক্ষীয়ে।ইয়াকে লৈ ক্ষুদ্ধ হৈ পৰিছে বিধায়কগৰাকী।বিধায়ক লস্কৰে মন্তব্য কৰিছে যে সমাজবিৰোধীৰ হাতত তেওঁৰ মৃত্যু হ'লে দায়ী হ'ব ৰাজ্যৰ গৃহ বিভাগ।
ইফালে,লস্কৰৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে এআইইউডিএফ প্ৰমুখ বদৰুদ্দিন আজমল।লস্কৰৰ পৰিয়ালবৰ্গ আৰু সমষ্টিৰ জনতাও তেওঁৰ সুৰক্ষাক লৈ উদ্বিগ্ন হৈ পৰিছে।আনহাতে, আনোৱাৰ হুছেইন লস্কৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছে মুখ্য মন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া ডঃ প্ৰকাশ কাশ্যপে।
- Log in to post comments
- 165 views
