দিল্লীৰ যন্তৰ-মন্তৰত গণতান্ত্ৰিক কাৰ্যসূচী চলিব

দিল্লীৰ যন্তৰ-মন্তৰত গণতান্ত্ৰিক কাৰ্যসূচী চলিব

গণতান্ত্ৰিক দেশত প্ৰতিবাদ, বিক্ষোভ, আন্দোলন কৰাৰ অধিকাৰ সকলোৰে আছে। এই ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা নহ’ব। দিল্লীৰ যন্তৰ-মন্তৰ আৰু বোট ক্লাবত আন্দোলন কৰা নিষিদ্ধ কৰাৰ বাবে এক আবেদনৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ে এনে ৰায় দিয়ে। পৰিৱেশ অনিষ্ট হোৱাৰ অভিযোগত যন্তৰ-মন্তৰৰ লগতে বোট ক্লাবত আন্দোলনৰ কাৰ্যসূচীত পৰিৱেশ আদালতে নিষেধাজ্ঞা জাৰি কৰিছিল। উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত চৰকাৰক নীতি-নিৰ্দেশনা স্পষ্ট কৰি প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিয়ে। নীতি-নিয়মৰ মাজেৰে সেই স্থানত গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী চলি থকাৰ মত পোষণ কৰে দিল্লীৰ সচেতন নাগৰিকসকলে।

Your Comments