'তাজমহল ভিজন ডকুমেণ্ট'ত ভুলভাৱে প্ৰকাশ দেশৰ মানচিত্ৰ

ভুলভাৱে দেশৰ মানচিত্ৰ প্ৰকাশ

তাজমহল ভিজন ডকুমেণ্টত দেশ বিৰোধী মানচিত্ৰ প্ৰকাশ কৰাকলৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে৷ ডকুমেণ্টখনত ভাৰতৰ মানচিত্ৰ সম্পৰ্কত ভুল বাখ্যা আগবঢ়োৱা হৈছে৷ স্কুল অৱ প্লেনিং অ্যাণ্ড আৰ্কিটেকচাৰে এহেজাৰ পৃষ্ঠাৰ এখন ডকুমেণ্ট ছপা কৰিছে৷ সেই ডকুমেণ্টখনত কাশ্মীৰ অংশ পাকিস্তানত দেখুওৱাৰ লগতে অৰুণাচল প্ৰদেশক ভাৰতৰ মানচিত্ৰ দেখুওৱা হোৱা নাই৷

দেশৰ মানচিত্ৰ ভুলভাৱে প্ৰকাশ কৰাটো আইন বিৰুদ্ধ৷ ২০১৬ত এই প্ৰসঙ্গত চৰকাৰে এখন বিল উত্থাপন কৰিছিল৷ দেশৰ মানচিত্ৰ অশুদ্ধভাৱে প্ৰকাশ কৰিলে ৭ বছৰ কাৰাদণ্ড আৰু ১০০ কোটি টকালৈকে জৰিমণাৰ ব্যৱস্থা আছে৷ স্কুল অৱ প্লেনিং অ্যাণ্ড আৰ্কিটকচাৰে ৯টা পৃষ্ঠাত ভাৰতৰ মানচিত্ৰত ভুলভাৱে প্ৰকাশ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰে এই ভুলসমূহ তৎকালে শুদ্ধ কৰিবলৈ নিৰ্দেশ দিছে৷

Your Comments