দেশত ২৭ বাৰ উত্থাপন হৈছে অনাস্থা প্ৰস্তাৱ

lok_sava

লোকসভাত ২৭তম অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনা চলিছে৷ ১৫বছৰ পূৰ্বে অটল বিহাৰী বাজপেয়ীৰ চৰকাৰৰ আমোলত অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল কংগ্ৰেছে৷ কংগ্ৰেছৰ শাসন কালত বিৰোধী পক্ষই ২৩বাৰ অনাস্থা প্ৰস্তাৱ আনিছিল৷ লালবাহাদুৰ শাস্ত্ৰী, পি ভি নৰসিংহ ৰাও আৰু মোৰাৰজী দেশাই চৰকাৰ ৩বাৰকৈ মুঠ ৯বাৰ অ্নাস্থা প্ৰস্তাৱৰ সন্মুখীন হৈছিল৷ বাজপেয়ী চৰকাৰ ২বাৰ সন্মুখীন হৈছিল৷১৯৬৩ চনৰ আগষ্ট মাহত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু চৰকাৰৰ বিৰুদ্ধে অনাস্থা আনিছিল জে বি কুপালনীয়ে৷ ৪দিন ধৰি ২১ ঘণ্টা বিতৰ্ক চলিছিল৷ ১৯৬৪ চনত লালবাহাদুৰ শাস্ত্ৰী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল নিৰ্দলীয় সাসংদ এন চি চট্টোপাধ্যায়ে৷ ১৯৬৪ৰ পৰা ১৯৭৫ চনলৈ ১৫ বাৰ অনাস্থা প্ৰস্তাৱ উত্থাপন হয়৷ ইন্দিৰা গান্ধী চৰকাৰৰ বিৰুদ্ধে ১২বাৰ অনাস্থা প্ৰস্তাৱ উত্থাপন হয়৷ ১৯৬৭ চনত অটল বিহাৰী বাজপেয়ীয়ে ইন্দিৰা গান্ধীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছিল৷

১৯৭৯ চনত ওৱাই বি চবণে মোৰাৰজী দেশাই চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনি চৰকাৰৰ পতন ঘটাইছিল৷ ১৯৯২ চনৰ জুলাই আৰু ডিচেম্বৰত যশৱন্ত সিংহ আৰু বাজপেয়ীৰ অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হৈছিল পি ভি নৰসিংহ ৰাও চৰকাৰ৷ ১৯৯৬ চনত অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হোৱাৰ আগে আগে প্ৰধানমন্ত্ৰী বাজপেয়ীয়ে পদত্যাগ কৰে৷২০০৩ চনত বাজপেয়ী শাসিত এন ডি এ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে ছোনীয়া গান্ধীয়ে৷ ২৩ ঘণ্টা অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনা হয়৷ বৰ্ষাকালীন অধিবেশনত মোডী চৰকাৰে ২৭তম অনাস্থা প্ৰস্তাৱ সন্মুখীন হৈছে বিৰোধী শক্তিৰ পৰা৷

Your Comments