অনাস্থা প্ৰস্তাৱ : কোন কাৰ পক্ষত !

Parliament_monsoon_session

অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হৈছে নৰেন্দ্ৰ মোডী চৰকাৰ৷ ২০০৩ চনত অটল বিহাৰী বাজপেয়ী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছিল কংগ্ৰেছ৷ ১৫বছৰৰ পিছত মোডী চৰকাৰো অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হৈছে৷ লোকসভাত বৰ্তমান সাংসদৰ সংখ্যা ৫৩৪জন৷ ২৭৩খন আসন লৈ বিজেপি সংখ্যাগৰিষ্ঠ দল৷ সংখ্যাৰ ৰাজনীতিত মোডী চৰকাৰ সংকটত নপৰে৷ কিন্তু ৪বছৰৰ পিছত নিৰ্বাচনলৈ এটা বছৰ থকা সময়ত মোডী চৰকাৰ আস্থাহীনতাৰ প্ৰস্তাৱৰ সন্মুখীন হ’ব লগাটো এক উল্লেখযোগ্য ৰাজনৈতিক ঘটনা৷ সংখ্যাগৰিষ্ঠ চৰকাৰ এখনৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব লগা হোৱাটো ৰাজনৈতিক দিশেৰে অতি তাৎপৰ্যপূৰ্ণ৷ মোডী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ, বিদ্ৰোহ তথা অভিযোগৰ তালিকাথন ক্ৰামাৎ বৃদ্ধি পাইছে৷ এই কথা অনাস্থা প্ৰস্তাৱৰ পিছত অধিক স্পষ্ট হৈ পৰিব৷ দেশবাসীৰ স্বপ্ন ভংগৰ দিশটো মোডী চৰকাৰে উপলব্ধি কৰা উচিত৷ চৰকাৰখনৰ বিৰুদ্ধে জনগণৰ অসন্তুষ্টি তৰিৎ গতিত বৃদ্ধি পাবলৈ লৈছে৷ ৰাজনৈতিকভাৱে এই অনাস্থা প্ৰস্তাৱৰ পিছৰে পৰা নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতি আৰম্ভ হ’ব৷ ২০১৯ৰ নিৰ্বাচনৰ বাবে বিৰোধী শক্তিসমূহ কোনটো পৰ্যায়ত ঐক্যবদ্ধ হ’ব পাৰেগৈ সেইটো লক্ষনীয় বিষয় হ’ব৷ আজিৰ লোকসভাৰ অনাস্থা প্ৰস্তাৱৰ বিপক্ষে, সপক্ষে কোন থাকিব পাৰে-

বিপক্ষেঃ

বিজেপি-২৭৩

শিৱসেনা-১৮

এল জে পি-৬

আকালী দল-৪

আৰ এল এছ পি-৩

আপনা দল-২

জে ডি ইউ-২

এন এম পি-১

এন ডি পি পি-১

এম আৰ কংগ্ৰেছ-১

সপক্ষেঃ

কংগ্ৰেছ-৪৮

তৃণমুল কংগ্ৰেছ-৩৪

টি পি এম-১৬

এম চি এম-৯

এন চি পি-৭

এছ পি-৭

আৰ জে ডি-৪

ৱাই এছ আৰ কংগ্ৰেছ-৪

এ আই ইউ ডি এফ-৩

অন্যান্য-১১

অস্পষ্টঃ

এ আই এ ডি এম কে-৩৭

বি জে ডি-২০

টি আৰ এছ-১১

পি ডি পি-১

পি এম কে-১

স্বাভিমানী পক্ষ -১

নিৰ্দলীয়-৩

 

Your Comments