দেশত ৩ বছৰত ১,১০,৩৩৩টা বলাৎকাৰৰ ঘটনা

দেশত ৩ বছৰত ১,১০,৩৩৩টা বলাৎকাৰৰ ঘটনা

দেশত অপৰাধৰ ঘটনা উদ্বেগজন হাৰত বৃদ্ধি হৈছে৷ মহিলা তথা যুৱতীসকলৰ নিৰাপত্তাৰ বিষয়টো অতি গুৰুতপূৰ্ণ সমস্যা হিচাপে থিয় হৈছে৷ ৰাজ্যসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেণ ৰিজিজুৱে উত্থাপন কৰা তথ্য সমূহে এনে ভয়ংকৰ ইংগিতেই বহন কৰিছে৷ মোডী চৰকাৰ প্ৰথম তিনিটা বছৰত ১,১০,৩৩৩টা বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে৷ ২০১৪চনত ৩৬,৭৩৫টা, ২০১৫ চনত ৩৪,৬৫১টা আৰু ২০১৬ চনত ৩৮,৯৪৭টা এনে ঘটনা সংঘতি হোৱা বুলি গৃহৰাজ্য মন্ত্ৰী গৰাকীয়ে সদৰী কৰে৷ মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ ঘটনাও যথেষ্ট বৃদ্ধি পাইছে৷ ২০১৪চনত ৩,৩৯,৪৫৭টা, ২০১৫ত ৩,২৯২৪৩টা আৰু ২০১৬ত ৩,৩৮,৯৫৪টা, ২০০৭ চনত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ সংখ্যা আছিল ১৮৫,৩১২টা যোৱা ৯বছৰত ৮৩শতাংশ অপৰাধমূলক ঘটনা বৃদ্ধি পালে৷ ভাৰতত দৈনিক ৩৯গৰাকী মহিলা অত্যাচাৰৰ বলি হয়৷ ২০১৬চনৰ তথ্য মতে প্ৰতি ১লাখ মহিলাৰ ভিতৰত ৫৫গৰাকীৰ বিৰুদ্ধে অপৰাধজনীত ঘটনা ঘটে৷ দিল্লীত ১ লাখত ১৬০, অসমত ১৩১, উৰিষ্যাত ৮৪, তেলেঙ্গনাত ৮৩, ৰাজস্থানত ৭৮টা অপৰাধজনিত ঘটনা হয় মহিলাৰ বিৰুদ্ধে৷

Your Comments