অনাস্থা প্ৰস্তাৱক লৈ চৰম অস্বস্তিত মোডী চৰকাৰ

অনাস্থা প্ৰস্তাৱক লৈ চৰম অস্বস্তিত মোডী চৰকাৰ

সংসদৰ বৰ্ষাকালীন অধিবেশনৰ প্ৰথম দিনাই তেলুগু দেশম আৰু কংগ্ৰেছ সহ বিৰোধী দলবোৰে লোকসভাত অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাত নৰেন্দ্ৰ মোডীৰ চৰকাখন চৰম অস্বস্তিৰ সন্মুখীন হৈছে৷ বিশেষকৈ এসময়ৰ ঘনিষ্ঠ মিত্ৰদল আৰু এনডিএৰ প্ৰাক্তন অংশীদাৰ তেলুগু দেশমেই অনাস্থা প্ৰস্তাৱ উত্থাপনত ভাগ লোৱাত মোডীৰ অস্বস্তি অধিক তীব্ৰ হৈ পৰিছে৷ লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনে অনাস্থা প্ৰস্তাৱটো গ্ৰহণ কৰি শুক্ৰবাৰে আলোচনাৰ দিন ধাৰ্য কৰিছে৷ লোকসভাত কংগ্ৰেছৰ দলনেতা মল্লিকাৰ্জুন খাৰ্গেই অহা সোমবাৰে অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনাৰ দিন ধাৰ্য কৰিবলৈ অনুৰোধ জনাইছিল যিদও অধ্যক্ষ মহাজনে সেই অনুৰোধ খাৰিজ কৰি দিয়ে আৰু শুক্ৰবাৰেই দিন ধাৰ্য কৰে৷ শুক্ৰবাৰে অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনা আৰম্ভ কৰিব তেলুগু দেশম দলেই৷ নৰেন্দ্ৰ মোডীৰ চৰকাৰখন ক্ষমতালৈ অহাৰ পিছত এইবাৰেই প্ৰথম মোডী চৰকাৰৰ বিৰুদ্ধে বিৰোধী পক্ষই অনাস্থা প্ৰস্তাৱ আনিলে৷ লোকসভাৰ বিগত অধিবেশনতেই তেলুগু দেশম সহ বিৰোধী দলবিলাকে অনাস্থা প্ৰস্তাৱ উত্থাপনৰ চেষ্টা চলাইছিল যদিও শাসকীয় পক্ষৰ কৌশলত আৰু কেতবোৰ দলে অধিবেশন অচল কৰি তোলা বাবে সেইবাৰ সেই চেষ্টা ব্যৰ্থ হয়৷ এইবাৰ বিৰোধী পক্ষই অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ পিছতেই শাসক দল বিজেপিয়ে দলৰ সকলো সাংসদলৈ অধিবেশনত উপস্থিত থাকিবলৈ হুইপ জাৰি কৰিছে৷ আনহাতে, কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আদি দলেও নিজ নিজ দলীয় সাংসদসকললৈ সংসদত অধিবেশনত উপস্থিত থাকিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে৷ বুধবাৰে লোকসভাৰ শূন্যকালত তেলুগু দেশৰ সাংসদ কেছিনেনি শ্ৰীনিবাসে অনাস্থা প্ৰস্তাৱটো দাখিল কৰে৷ আনহাতে কংগ্ৰেছ সহ অন্যান্য কেইটামান দলেও পৃথক পৃথকভাৱে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে৷ কিন্তু লটাৰী যোগে আলোচনাৰ সূত্ৰপাত কৰাৰ অধিকাৰ লাভ কৰে তেলুগু দেশম দলেই৷ লোকসভাত ভোটত এই অনাস্থা প্ৰস্তাৱ যে গৃহীত নহয় সেয়া নিশ্চিত যদিও মোডী চৰকাৰৰ বাবে এই প্ৰস্তাৱ সন্মানত আঘাত হিচাপেই বিবেচিত হৈছে৷ লোকসভাৰ মুঠ ৫৩৫গৰাকী সাংসদৰ কাৰ্যকৰী শক্তিৰ ভিতৰত এন ডি এৰ সদস্যৰ সংখ্যা ৩১৪৷ বিজেপিৰ নিজেৰই সদস্য সংখ্যা হৈছে ২৭৮৷ অনাস্থা প্ৰস্তাৱ নাকচ কৰিবলৈ শাসকীয় পক্ষৰ প্ৰয়োজন ২৬৮টা ভোট৷ স্বাভাৱিকভাৱেই অনাস্থা প্ৰস্তাৱক লৈ বিশেষ চিন্তিত নহয় যদিও এই প্ৰস্তাৱক চৰকাৰৰ মৰ্যাদাৰ প্ৰতি এক আঘাত হিচাপেই অনুভৱ কৰিছে৷ কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ অন্যতম শীৰ্ষ নেতা অনন্ত কুমাৰে দাবী কৰে, চৰকাৰে যে কেৱল এন ডি এৰ ভোট পাব সেয়াই নহয়, অন্যান্য দলবিলাকৰ পৰাও ভোট পাব৷ অৰ্থাৎ বিজেপিয়ে অনাস্থা প্ৰস্তাৱৰ ওপৰত হ’বলগীয়া ভোটৰ ক্ষেত্ৰত ভিতৰি ভিতৰি অন্যান্য দলৰ মাজতো বিভাজনৰ চেষ্টা আৰম্ভ কৰিছে৷ বিজেপিৰ বিৰুদ্ধে প্ৰতিনিয়ত সৰৱ শিৱসেনাই এতিয়াও এই অনাস্থা প্ৰস্তাৱৰ প্ৰসংগত দলৰ স্থিতি ঘোষণা কৰা নাই৷
ইফালে তেলুগু দেশমৰ শীৰ্ষ নেতা তথা অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক চোকা ভাষাৰে আক্ৰমণ কৰে৷ তেওঁ কয়, ‘মোডীৰ অহংকাৰেই বিজেপিৰ অধঃপতন মাতি আনিছে৷’ লগতে তেওঁ কয় যে দেশৰ আটাইবোৰ ব্যৱস্থাৰ পতন ঘটিছে৷ বিমুদ্ৰাকৰণ আৰু জি এছ টিৰ দৰে পদক্ষেপ বিলাকে সাধাৰণ মানুহৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পেলাইছে৷ তেওঁ মোডীক সকীয়াই দি কয়, ‘ক্ষমতা আজি আছে, কাইলৈ কিন্তু নাথাকিব৷’
 

Your Comments