যাত্ৰী আৰু সামগ্ৰী পৰিবাহী যান-বাহনৰ ভাড়া বৃদ্ধি, পেট্ৰ’লিয়াম সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰা, এক দেশ এক কৰ নীতিৰ অধীনত পেট্ৰ্’পণ্যকো জি এছ টিৰ আওতালৈ অনাকে ধৰি সমগ্ৰ ভাৰতবৰ্ষতে টোলগে’ট ব্যৱস্থা বন্ধ কৰা আৰু বীমাৰ মাচুল হ্ৰাস কৰা আদি দাবীৰ সমৰ্থনত অহা ২০ জুলাই তাৰিখৰ পৰা অনিৰ্দিষ্টকালীন চকা বন্ধ ঘোষণা কৰিছে নিখিল ভাৰত মটৰ পৰিবহণ কংগ্ৰেছে। উল্লেখ্য যে এই প্ৰতিবাদী কাৰ্যসূচীলৈ সমৰ্থন জনায় সদৌ অসম মটৰ পৰিবহণ সংস্থাই। এই বন্ধৰ কাৰ্যসূচীত সকলোৰে সহযোগিতা কামনা কৰিছে সংগঠন দুটাই৷
- Log in to post comments
- 50 views
