অলপতে ধানৰ সহায়ক মূল্য কেন্দ্ৰীয় চৰকাৰে সামান্য বৃদ্ধি কৰাৰ পিছৰে পৰা দেশৰ বিভিন্ন ৰাজ্যত বিজেপিয়ে তথাকথিত কৃষক কল্যাণ সমাবেশ অনুষ্ঠিত কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক সম্বৰ্ধনা জনাই আছে। এইবোৰ সম্বৰ্ধনা সমাবেশ সমাগত ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰচাৰ অভিযানৰ অংশ হিচাপেই অনুষ্ঠিত কৰি থকা হৈছে। এই সমাবেশবোৰত চৰকাৰে কৃষকৰ স্বাৰ্থত কাম কৰি থকা বুলি প্ৰধান মন্ত্ৰী মোডীয়ে দাবী কৰি থকাৰ সময়তে খোদ বিজেপিশাসিত মহাৰাষ্ট্ৰ চৰকাৰেই কৃষকসকলৰ আত্মহত্যাৰ এক ভয়ংকৰ ছবি দাঙি ধৰিছে। মহাৰাষ্ট্ৰ চৰকাৰে সদৰী কৰা তথ্যমতে চলিত বছৰৰ মাৰ্চৰ পৰা মে’লৈকে তিনিটা মাহতেই ৰাজ্যখনৰ ঋণগ্ৰস্ত কৃষকসকলে চৰকাৰী বেংকৰ পৰা লোৱা ঋণ পৰিশোধ কৰিব নোৱাৰি ৬৩৯জন কৃষকে আত্মহত্যা কৰিছে। এই ভয়ংকৰ ছবি দেশৰ মাত্ৰ এখন ৰাজ্যৰ মাত্ৰ তিনিটা মাহৰ। মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, গুজৰাট আদিকে ধৰি বাকী অধিকাংশ ৰাজ্যৰ অৱস্থাও একেধৰণৰ ভয়ংকৰ। অথচ বিজেপি
সভাপতি অমিত শ্বাহে দাবী কৰিছে, বিজেপিশাসিত ৰাজ্যবোৰত হেনো ঋণৰ বাবে কৃষকে আত্মহত্যা কৰা নাই। যিকেইজন কৃষকে আত্মহত্যা কৰিছে সেয়াও ব্যক্তিগত কাৰণতহে। মহাৰাষ্ট্ৰৰ ৰাজহমন্ত্ৰী চন্দ্ৰকান্ত পাটিলে যোৱা সপ্তাহত মুম্বাইত এক সংবাদমেলত জনায় যে যোৱা ১ মাৰ্চৰ পৰা ৩১ মে’লৈকে ৰাজ্যখনত মুঠ ৬৩৯জন কৃষকে ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যা কৰিছে। পাটিলে মহাৰাষ্ট্ৰ বিধান পৰিষদতো বিৰোধী দলবোৰৰ প্ৰশ্নৰ উত্তৰত এই কথা জনাইছে। পাটিলে লগতে কৈছে যে এই আত্মহত্যা কৰা ৬৩৯জন কৃষকৰ ভিতৰত ১৮৮জন কৃষকক চৰকাৰী আঁচনি অনুসৰি ক্ষতিপূৰণ দিয়াৰ বাবে যোগ্য বুলি বিবেচনা কৰা হৈছে। উল্লেখ্য যে আত্মহত্যা কৰা এই ৬৩৯ কৃষকেই বেংকৰ পৰা বিপুল পৰিমাণৰ ঋণ লৈ খেতিত বিনিয়োগ কৰিছিল। কিন্তু আশানুৰূপ শস্যতো পোৱাই নাই বৰং শস্য বিনষ্ট হৈ তেওঁলোক সৰ্বস্বান্তহে হৈছে। তাৰপিছতেই তেওঁলোকে আত্মহত্যাৰ পথ বাছি লৈছে। মহাৰাষ্ট্ৰৰ বিৰোধী দলবোৰৰ দাবী, বিগত চাৰি বছৰত মহাৰাষ্ট্ৰত ১৩,০০০ কৃষকে ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যা কৰিছে। কেৱল যোৱা বছৰতে ৰাজ্যখনত ১৫০০ কৃষকে ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যা কৰিছে বুলি মহাৰাষ্ট্ৰ বিধান পৰিষদৰ বিৰোধী দলৰ নেতা ধনঞ্জয় মুণ্ডেই দাবী কৰিছে। বিৰোধী
দলবিলাকে বাৰে বাৰে কৃষকৰ ঋণ ৰেহাই দিবলৈ দাবী জনাই অহা সত্ত্বেও মহাৰাষ্ট্ৰ চৰকাৰ আৰু কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে সেই দাবী পোনে পোনে খাৰিজ কৰিছে। অথচ এনে পৰিস্থিতিৰ মাজতো প্ৰধান মন্ত্ৰী মোডীয়ে বিভিন্ন কৃষক কল্যাণ সমাবেশত সম্বৰ্ধনা গ্ৰহণ কৰি ২০২২ চনৰ ভিতৰত কৃষকসকলৰ আয় দ্বিগুণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দি ফুৰিছে। মহাৰাষ্ট্ৰৰ বিদৰ্ভ আৰু মাৰাঠাবাড়া অঞ্চলতে আত্মহত্যাৰ ঘটনা সৰ্বাধিক। এই দুটা অঞ্চলত কপাহৰ খেতি কৰিবলৈ গৈ কৃষকসকল সৰ্বস্বান্ত হৈছে। পোকৰ আক্ৰমণত এই দুটা অঞ্চলত ৮০ শতাংশই শস্য বিনষ্ট হৈছে। কিন্তু ৰাজ্য বা কেন্দ্ৰ কোনো চৰকাৰেই এইসকল কৃষকক কোনোধৰণৰ সহায় আগবঢ়োৱা নাই। চৰকাৰী তথ্যমতেই বিদৰ্ভ আৰু মাৰাঠাৱাড়াত যোৱা বছৰৰ প্ৰথম তিনিটা মাহতে ৬৯৬জন ঋণগ্ৰস্ত কৃষকে আত্মহত্যা কৰিছে। এই ৬৯৬জন কৃষকৰ ভিতৰত মাত্ৰ ২০৬জন কৃষক অৰ্থাৎ মাত্ৰ ২৯ শতাংশইহে ক্ষতিপূৰণ পোৱাৰ যোগ্য বুলি মহাৰাষ্ট্ৰ চৰকাৰে ঘোষণা কৰি আত্মহত্যা কৰা কৃষকসকলৰ পৰিয়ালবৰ্গক উপলুঙা কৰিছে। মাৰাঠাৱাড়াৰ কুঁহিয়াৰ খেতিয়কসকলো একেধৰণে সৰ্বস্বান্ত হৈছে।
- Log in to post comments
- 22 views
