আজিৰে পৰা আৰম্ভ হ’ল সংসদৰ বৰ্ষাকালীন অধিবেশন। সমাগত ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এই অধিবেশনেই হৈছে ষষ্ঠদশ লোকসভাৰ অন্তিমখন পূৰ্ণাংগ অধিবেশন। কিন্তু নৰেন্দ্ৰ মোডীৰ চৰকাৰখন ক্ষমতালৈ অহাৰ পিছৰে পৰা বিগত চাৰিটা বছৰত ষষ্ঠদশ লোকসভাৰ যি অভিলেখ দেখা গৈছে তাৰ পৰিপ্ৰেক্ষিতত দেশবাসী এই অধিবেশনক লৈ বৰ বিশেষ আশাবাদী নহয়। এই লোকসভাৰ ‘ট্ৰেক ৰেকৰ্ড’ অত্যন্ত হতাশজনক। ২০১৪ চনৰ পৰা চলিত বছৰৰ বিগত বাজেট অধিবেশনলৈকে মোডী চৰকাৰে সংসদত দাখিল কৰা কমেও ৪০খন বিধেয়ক গৃহীত নোহোৱাকৈ ওলমি আছে। ইয়াৰে ১২খন বিধেয়ক কেৱল লোকসভাতহে গৃহীত হৈছে। বাকীবোৰ বিধেয়ক সংসদৰ দুই সদনৰ ক’তো গৃহীত হোৱা নাই। ভাৰতীয় সংসদৰ ইতিহাসত এয়া এক নজিৰ। কাৰণ ইতিপূৰ্বে কোনো লোকসভাতেই ইমান কমসংখ্যক বিধেয়ক গৃহীত হোৱা নাছিল। ইয়াৰ বাবে চৰকাৰ আৰু বিৰোধী উভয় পক্ষই দোষ এৰাই যাব নোৱাৰে। ইয়াৰে ডাঙৰ উদাহৰণটো হৈছে মহিলাৰ বাবে সংৰক্ষণ বিধেয়কখন। পূৰ্বৰ অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ আমোলত এই বিধেয়কখন সংসদত দাখিল কৰা হৈছিল। কিন্তু মায়াৱতীৰ বহুজন সমাজ পাৰ্টী, মুলায়েম-অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টী, লালুপ্ৰসাদৰ আৰ জে ডি, নীতিশ কুমাৰৰ জে ডি (ইউ) আৰু ৰামবিলাস পাচেৱানৰ লোকজনশক্তি পাৰ্টীৰ প্ৰবল বিৰোধিতাৰ বাবে গৃহীত কৰিব পৰা হোৱা নাছিল। এই দলবিলাকৰ বিৰোধিতাৰ কাৰণে কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ দুবাৰৰ কাৰ্যকালতো গৃহীত নোহোৱাকৈ থাকিল। ২০১৪ চনত ক্ষমতালৈ অহাৰ পিছৰে পৰা নৰেন্দ্ৰ মোডীয়ে মহিলাৰ বাবে বৰ বৰ প্ৰতিশ্ৰুতি ঘোষণা কৰে যদিও সংসদত বিধেয়কখন গৃহীত কৰাৰ বাবে কোনো উদ্যোগেই লোৱা নাই। আনকি প্ৰধান মন্ত্ৰী মোডী বা তেওঁৰ চৰকাৰৰ কোনোৱে এই বিধেয়কখন সম্পৰ্কত এটা শব্দও উচ্চাৰণ কৰা নাই।
এই কথা ঠিক যে চৰকাৰে উত্থাপন কৰা বহু বিধেয়কৰ নিৰন্তৰ বিৰোধিতা কৰিছে বিৰোধী দলবিলাকে। তদুপৰি, ৰাজ্যসভাতো শাসকীয় দলৰ সংখ্যাগৰিষ্ঠতা নাই। কিন্তু যিকোনো বিধেয়ক সংসদত দাখিল কৰাৰ আগতে বা পিছতো মোডী চৰকাৰে সেইবোৰ বিধেয়ক সন্দৰ্ভত বিৰোধী দলবোৰৰ লগত আলোচনা কৰাৰো গুৰুত্ব অনুভৱ কৰা নাই। বৰং বিৰোধী দলবিলাকক প্ৰধান মন্ত্ৰী মোডী আৰু তেওঁৰ চৰকাৰে অকণো মৰ্যাদাই দিব বিচৰা নাই। ফলত বিৰোধী দলবোৰে প্ৰতিটো ইচ্ছ্যুত সংসদত নিৰন্তৰ বিৰোধিতা কৰি গৈছে আৰু চৰকাৰো সংসদ পৰিচালনা কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে। মন কৰিবলগীয়া যে লোকসভাত চৰকাৰৰ বিপুল সংখ্যাগৰিষ্ঠতা থকা সত্ত্বেও সেই লোকসভাতো বহুসংখ্যক বিধেয়ক গৃহীত কৰাত চৰকাৰ ব্যৰ্থ হৈছে। বিৰোধীক যথাযথ মৰ্যাদা দি আলোচনা আৰু বুজাবুজিৰে বহু বিধেয়ক চৰকাৰে গৃহীত কৰিব পাৰিলেহেঁতেন। কিন্তু চৰকাৰৰ দম্ভ, অদূৰদৰ্শিতা আৰু আঁকোৰগোজ মনোভাবৰ কাৰণে ফলাফল সদায় নেতিবাচক হৈছে। তদুপৰি, বিৰোধী দলবিলাকৰ প্ৰতিবাদ আৰু চিঞৰ-বাখৰৰ সুযোগ লৈ চৰকাৰ পক্ষই নিজেও সংসদ অচল কৰাত আগভাগ লৈছে।
কেতবোৰ বিধেয়ক সংসদত গৃহীত কৰাত মোডী চৰকাৰে নিজেও বিশেষ আগ্ৰহ দেখুওৱা নাই। এইবোৰ বিধেয়কৰ বিৰুদ্ধে জনমানসত প্ৰবল বিৰূপ প্ৰতিক্ৰিয়া লক্ষ্য কৰিয়েই নিৰ্বাচনী স্বাৰ্থত চৰকাৰে পিছুৱাই গৈছে। এইবোৰ বিধেয়কৰ ভিতৰত দুখন অত্যন্ত বিতৰ্কিত। ইয়াৰে এখন ভূমি অধিগ্ৰহণ বিধেয়ক। বিধেয়কখন কৰ্প’ৰেটৰ স্বাৰ্থত আৰু কৃষকৰ স্বাৰ্থবিৰোধী। ফলত কৃষকসকলে দেশজুৰি তীব্ৰ বিৰোধিতা কৰাত মোডী চৰকাৰে পিছুৱাই যায়। আন এখন বিতৰ্কিত বিধেয়ক হৈছে নাগৰিকত্ব সংশোধনী বিধেয়ক। অসমসহ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ, পশ্চিমবংগ, বিহাৰ আদি ৰাজ্যই এই বিধেয়কৰ বিৰোধিতা কৰিছে। অসমত এই বিধেয়কখনৰ বিৰুদ্ধে প্ৰবল বিক্ষোভো চলি আছে।
যোৱা বছৰৰ অধিবেশনবিলাকত মুঠ ১৩খন বিধেয়ক গৃহীত হৈছিল। কেন্দ্ৰীয় মন্ত্ৰী বিজয় গোৱেলে জনায় যে বৰ্তমান লোকসভাত প্ৰায় ৬৮খন আৰু ৰাজ্যসভাত প্ৰায় ৪০খন বিধেয়ক গৃহীত হ’বলৈ বাকী। কিন্তু চৰকাৰী ৱেবছাইটৰ তথ্য অনুসৰি এনে বিধেয়কৰ সংখ্যা যথাক্ৰমে ২৭ আৰু ২৮খন।
- Log in to post comments
- 30 views
