সংসদৰ বৰ্ষাকালীন অধিবেধনত চৰকাৰ পক্ষৰ বিৰুদ্ধে সমগ্ৰ বিৰোধী দলবোৰক লৈ ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ পৰিকল্পনা কৰিছে কংগ্ৰেছ দলে।কংগ্ৰেছ আৰু বিৰোধী দলবোৰৰ আশংকা- বিৰোধীয়ে উত্থাপন কৰা বিভিন্ন ইচ্ছ্যুৰ সুযোগ লৈ কৌশলেৰে শাসকীয় দল বিজেপিয়েই সংসদ অচল কৰি তুলিব পাৰে আৰু তাৰ সকলো দায়িত্ব বিৰোধী দলবোৰৰ ওপৰত জাপি দিব পাৰে। কংগ্ৰেছে বিৰোধী দলবোৰক লগত লৈ বিজেপিৰ এই কৌশল প্ৰতিহত কৰাৰ পৰিকল্পনা কৰিছে। বুধবাৰে আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিবেশন। এই অধিবেশনত চৰকাৰৰ বিৰুদ্ধে যুঁজাৰ ৰণকৌশল নিৰ্ধাৰণৰ বাবে সোমবাৰে পুৱা ছোনিয়া গান্ধীৰ বাসভৱনত কংগ্ৰেছৰ শীৰ্ষ নেতাসকল এক বৈঠকত মিলিত হয়। এই বৈঠকত উপস্থিত থাকে প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিং, প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰম, আহমেদ পেটেল, গোলাম নবী আজাদ, কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী আদি। বৈঠকত সিদ্ধান্ত লোৱা হয়, সংসদৰ বৰ্ষাকালীন অধিবেশনত বিৰোধী দলবিলাকৰ ঐক্য সুদৃঢ় আৰু অক্ষুণ্ণ ৰাখি চৰকাৰ পক্ষৰ ওপৰত প্ৰবল হেঁচা সৃষ্টি কৰিব লাগিব। চৰকাৰে চিঞৰ-বাখৰ লগাই সংসদ অচল কৰাৰ বাবে যিমানে চেষ্টা নকৰক কিয়, সকলো বিৰোধী দলে ঐক্যবদ্ধ হৈ সৰৱ হ’ব লাগিব। বৈঠকত মোডী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপনৰ সম্ভাৱনাক লৈও বিবেচনা কৰা হয়।
চৰকাৰৰ বিৰুদ্ধে এই ৰণকৌশল কাৰ্যকৰী কৰাৰ লক্ষ্যেৰেই সোমবাৰে সন্ধিয়া গোলাম নবী আজাদ, আহমেদ পেটেল আদিকে ধৰি কেইবাগৰাকীও শীৰ্ষ কংগ্ৰেছ নেতাই ১৩টা বিৰোধী দলৰ লগত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত উপস্থিত আছিল সমাজবাদী পাৰ্টী, বহুজন সমাজ পাৰ্টী, এন চি পি, তৃণমূল কংগ্ৰেছ, আৰ জে ডি, ডি এম কে, জে ডি এছ আৰু বাঁওদলসমূহৰ নেতৃবৃন্দ। বৈঠকত আম আদমী পাৰ্টীকো আমন্ত্ৰণ জনোৱা হৈছিল। এই বৈঠকত সিদ্ধান্ত লোৱা হয়, প্ৰতিটো ইচ্ছ্যুত আটাইবোৰ বিৰোধী দলে ঐক্যবদ্ধভাৱে চৰকাৰৰ বিৰুদ্ধে থিয় হ’ব। গোলাম নবী আজাদে বৈঠকত কয়- ‘সংসদৰ অধিবেশন সুচলভাৱে চলি থকাটো আমি বিচাৰোঁ। আমি বিভিন্ন ইচ্ছ্যুত আমাৰ বক্তব্যও দাঙি ধৰিব বিচাৰোঁ। কিন্তু চৰকাৰ পক্ষই যাতে চিঞৰ-বাখৰ লগাই সংসদ অচল কৰিব নোৱাৰে আৰু সকলো দোষ বিৰোধীৰ কান্ধত জাপি দিব নোৱাৰে তাৰবাবে আমি ঐক্যবদ্ধভাৱে সচেষ্ট হ’ব লাগিব।’
অন্ধ্ৰপ্ৰদেশৰ মুখ্য মন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু তেওঁৰ দল তেলেগু দেশমে সংসদত মোডী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব বুলি ইতিমধ্যেই জনাইছে। আটাইবোৰ দলে এই অনাস্থা প্ৰস্তাৱক সমৰ্থন জনোৱাৰ সম্ভাৱনা আছে। কিন্তু বিৰোধী দলবোৰৰ ভয়- চৰকাৰ পক্ষই কৌশলেৰে জগমোহন ৰেড্ডীৰ এছ ৱাই আৰ কংগ্ৰেছৰ জৰিয়তে চিঞৰ-বাখৰ লগোৱাই সংসদ অচল কৰি তুলিব পাৰে। বিগত অধিবেশনতো শাসকীয় পক্ষই এই কৌশলেই অৱলম্বন কৰি বিৰোধীৰ ওপৰত সকলো দোষ জাপি দিছিল। ইতিমধ্যে বৰ্ষাকালীন অধিবেশনৰ প্ৰাককালত চৰকাৰ পক্ষই প্ৰথা অনুসৰি সৰ্বদলীয় বৈঠকৰ আয়োজন কৰিছে। কংগ্ৰেছসহ আটাইবোৰ বিৰোধী দলে চৰকাৰ পক্ষক স্পষ্টভাৱে সকীয়াই দিব, চৰকাৰে যাতে কোনোধৰণেই সংসদ অচল কৰাৰ চেষ্টা নকৰে। বিৰোধী দলবোৰৰ সূত্ৰই এই কথা জানিবলৈ দিয়ে। বিৰোধী ঐক্যৰ বিষয়ে ইতিমধ্যেই মোডী চৰকাৰ সতৰ্ক হৈ পৰিছে। সেয়ে প্ৰধান মন্ত্ৰী মোডীয়ে বিৰোধীৰ মাজত বিভাজন সৃষ্টিৰ বাবেও তৎপৰ হৈ পৰিছে। এই লক্ষ্যেৰে শাৰীৰিকভাৱে অসুস্থতা সত্ত্বেও বিত্তমন্ত্ৰী অৰুণ জেটলিয়ে মোডীৰ নিৰ্দেশ অনুসৰি বিৰোধীৰ অনৈক্যক উচটাই দিবলৈ ব্লগত এক নিবন্ধও লিখিছে। তাত কৰ্ণাটকত কংগ্ৰেছৰ লগত মুখ্য মন্ত্ৰী কুমাৰস্বামীৰ দ্বন্দ্বৰ কথা উল্লেখ কৰা হৈছে।
- Log in to post comments
- 32 views
