মেদিনীপুৰত মোডীৰ সভাত বৃহৎ অঘটনঃ ৰভা ভাঙি আহত ২২

মেদিনীপুৰত মোডীৰ সভাত ৰভা ভাঙি আহত ২২

পশ্চিমবংগৰ মেদিনীপুৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাত বৃহৎ অঘটন আজি দুপৰীয়া প্ৰধান মন্ত্ৰীয়ে ভাষণ দি থকা সময়তে ৰভা ভাঙি পৰি অতিকমেও ২২জন বিজেপিৰ সমৰ্থক আহত হয় আহতসকলক মেদিনীপুৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে তেওঁলোকৰ ভিতৰত ৩জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ঘটনাৰ বিৱৰণী মতে, মোডীয়ে ভাষণ দি থকা সময়ত উপস্থিত জনতাৰ একাংশই তেওঁক ভালদৰে চাবৰ বাবে ৰভাৰ ওপৰত উঠি বহে মোডীয়ে তেওঁলোকক বাৰে বাৰে নামি আহিবলৈ কোৱাৰ পিছতো তেওঁলোকে গুৰুত্ব প্ৰদান নকৰে ফলত বৰষুণৰ ফলত কোমল হৈ থকা মাটিত পুতি থোৱা ৰভাৰ লোৰ খুঁটাবোৰ মানুহৰ ভৰ সহিব নোৱাৰি উভালি পৰি ৰভা ভাঙি পৰে দুৰ্ঘটনাৰ পিছতে মোডীয়ে তেওঁৰ নিৰাপত্তাৰ দায়িত্বত থকা এছ পি জি কমাণ্ডোৰ জোৱানসকলক দুৰ্ঘটনাৰ বুজ বলৈ নিৰ্দেশ দিয়ে সভাৰ পিছত মোডীয়ে চিকিৎসালয়লৈ গৈ আহতসকলৰ স্বাস্থ্যৰ বুজ লয়মেদিনীপুৰত মোডীৰ সভাত ৰভা ভাঙি আহত ২২

আনহাতে, দুৰ্ঘটনাৰ পিছত পশ্চিমবংগৰ শাসনাধিস্থিত তৃণমূল কংগ্ৰেছে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিক জুই লৈ নেখেলিবলৈ সকীয়াই দিয়ে লগতে মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে ঘোষণা কৰে যে দুৰ্ঘটনাত আহতসকলক চৰকাৰে বিনামূলীয়া চিকিৎসা আগবঢ়াব উল্লেখ্য যে আজি পশ্চিমবংগৰ মেদিনীপুৰ কলেজ খেলপথাৰত অনুষ্ঠিত এই সভাত লক্ষাধিক সমৰ্থক গোট খুৱাবলৈ বিভন্ন ৰাজ্যৰ গাড়ীৰে বিজেপিয়ে সমৰ্থক কঢ়িয়াই আনেমেদিনীপুৰত মোডীৰ সভাত ৰভা ভাঙি আহত ২২

Your Comments