এইবাৰো উত্তপ্ত হ’ব সংসদৰ বৰ্ষাকালীন অধিবেশন

parli

অহা বুধবাৰ ১৬ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিবেশন৷ অহা ১০ আগষ্টত এই অধিবেশন সমাপ্ত হ’ব৷ মুঠ ১৮ দিন এই অধিবেশন চলিব৷ চৰকাৰী ৱেবছাইটৰ তথ্য অনুসৰি সংসদৰ দুই সদনত যথাক্ৰমে ২৭ আৰু ৪৮খন বিধেয়ক গৃহীত কৰিবলৈ বাকী আছে৷ কিন্তু গুৰুত্বপূৰ্ণ আৰু বিতৰ্কিত পাঁচখন বিধেয়কক লৈ সংসদত প্ৰচণ্ড উত্তাল পৰিস্থিতি সৃষ্টি হোৱাটো নিশ্চিত৷এইবোৰ বিধেয়ক উপৰি আন কেতবোৰ ইছ্যুক কেন্দ্ৰ কৰি বিৰোধী দলবোৰে সংসদ অচল কৰি তোলাৰো সম্ভাৱনা আছে৷ ইতিমধ্যে সংসদৰ অধিবেশন আৰম্ভ হোৱাৰ আগৰে পৰাই বিৰোধী কংগ্ৰছ আৰু শাসকদল বিজেপিৰ নেতৃবৃন্দৰ মাজত বাক-বিতণ্ডায়ো চৰম পৰ্যায় পাইছেগৈ৷ এইবাৰৰ অধিবেশনত যি ৫খন বিধেয়কক লৈ সংসদ উত্তাল হোৱাৰ সম্ভাৱনা আছে, সেই ৫খন বিধেয়কৰ ভিতৰত আছে ‘তিনি তালাক বিধেয়ক’ নামেৰে জনাজাত ‘মুছলিম উইমেন (প্ৰটেকচন অৱ ৰাইটছ অন মেৰেজ)’ বিধেয়ক, ‘সংবিধান (অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি) অৰ্ডাৰ্ছ (সংশোধনী) বিধেয়ক’৷ উল্লেখ্য যে

pa

তিনি তালাক বিৰোধী বিধেয়কখন ইতিপূৰ্বে লোকসভাত গৃহীত হৈছিল যদিও ৰাজ্যসভাত কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আদিকে ধৰি কেতবোৰ বিৰোধী দলৰ প্ৰবল বিৰোধীতাৰ ফলত শাসক পক্ষই বিধেয়কখন গৃহীত কৰিব পৰা নাই৷ ৰাজ্যসভাত শাসক এন ডি এ মৰ্চাৰ সংখ্যাগৰিষ্ঠতা নথকা কাৰণেই সেয়া সম্ভৱ হোৱা নাই৷ সমাগত ২০১৯ চনৰ লোকসভা নিৰ্বাচনত মুছলিম মহিলা নাই৷ সমাগত ২০১৯ চনৰ লোকসভা নিৰ্বাচনত মুছলিম মহিলা ভোটাৰৰ সমৰ্থন লাভৰ আশাত বিজেপি সংসদৰ এইবাৰৰ অধিবেশনত বিধেয়কখন যিকোনো প্ৰকাৰে গৃহীত কৰিব খুজিছে৷ কংগ্ৰেছে আৰম্ভণিৰে পৰা বিয়েকখনৰ বিৰোধিতা কৰি অহা কাৰণে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বয়ং বিৰোধী দলটোক চোকা ভাষাৰে আক্ৰমণ কৰে৷ অজয়গঞ্জত এক্সপ্ৰেছ হাইৱেৰ আধাৰশিলা স্থাপন উপলক্ষে আয়োজিত এক অনুষ্ঠানত শনিবাৰে প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছক তীক্ষ্ণ ভাষাত আক্ৰমণ কৰি কয়, ‘কংগ্ৰেছ কেবল মুছলিম পুৰুষসকলৰ দল নেকি?’ তেওঁ কয় যে বিজেপি চৰকাৰে মুছলিম মহিলাসকলক যিমানেই প্ৰগতিৰ পিনে আগবঢ়াই লৈ যাবলৈ চেষ্টা চলাই আছে, বিৰোধী দলবোৰে সিমানেই পিচফালে টানি ধৰাৰ চেষ্টা কৰি আছে৷ মোডীৰ অভিযোগ, ‘তিনি তালাক বিৰোধী বিধেয়কখনক লৈ বিৰোধী দলবিলাকৰ প্ৰকৃত চেহেৰা উন্মোচিত হৈ পৰিছে ৷এই দলবিলাকে ভাৰতৰ মুছলিম মহিলাসকলৰ জীয়াই থকাটো ক্ৰমশঃ কঠিন কৰি তুলিছে৷ তেওঁলোকে সংসদৰ অধিবেশন চলাব লৈ দিয়া নাই৷ দিনৰ পিছত দিন ধৰি ‘তিনি তালাক বিৰোধী বিধেয়ক’ৰ দৰে গুৰুত্বপূৰ্ণ বিধেয়কখন সংসদত গৃহীত কৰিবলৈ দিয়া নাই৷

২০১৬চনৰ শীতলকালীন অধিবেশনত আদিবাসী উন্নয়ন মন্ত্ৰী জুৱেল অ’ৰামে ‘সংবিধান (অনুসূচিত জাতি, জনজাতি) অৰ্ডাৰ্ছ সংশোধনী বিধেয়কখন লোকসভাত দাখিল কৰিছিল৷ অসম, ঝাৰখণ্ড, ছণ্ডীশগড়, তামিলনাডু, ত্ৰিপুৰা আদি ৰাজ্যৰ কিছু জনগোষ্ঠীক অনসূচিত জাতি-জনজাতিৰ মৰ্যাদা আৰু সংৰক্ষণৰ সুবিধা দিয়াৰ উদ্দেশ্যে এই বিধেয়কখন চৰকাৰে সংসদত উত্থাপন কৰিছে৷ লক্ষণীয় এই বিধেয়কখন সংসদত উত্থাপন কৰাৰ পিছৰে পৰাই বিজেপিৰ সপক্ষে জনজাতি ভোটৰ হাৰ বাঢ়িছে৷ গতিকে সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে এইবাৰ এই বিধেয়কখন যিকোনো প্ৰকাৰে গৃহীত কৰিবলৈ তৎপৰ হ’বই৷ কিন্তু সংসদৰ অধিবেশন বাধাহীনভাৱে চলাৰ কোনো সম্ভাৱনা দৃষ্টিগোচৰ হোৱা নাই৷ ভালেমান ইছ্যুত বিৰোধী দলবোৰে এই অধিবেশন অচল কৰি তুলিবলৈ৷ ইতিমধ্যে অন্ধ্ৰপ্ৰদেশৰ বিশেষ মৰ্যাদাৰ দাবী কেন্দ্ৰীয় চৰকাৰে মানি নোলোৱা কাৰণে চন্দ্ৰবাবু নাইডুৰ তেলুগু দেশম দলে সংসদত চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপনৰো পৰিকল্পনা কৰিছে৷ গতিকে পূৰ্বৰ অধিবেশনসমূহৰ দৰে এইবাৰ সংসদৰ এইবাৰ অধিবেশনতো অচলাৱস্থা সৃষ্টি হোৱাটো নিশ্চিত৷

Your Comments