২০১৯ৰ নিৰ্বাচনৰ আগতে অযোধ্যাত নিৰ্মাণ হ’ব ৰাম মন্দিৰ। ৰাম মন্দিৰ নিৰ্মাণ নকৰাৰ বাবে সংঘ পৰিয়ালৰ ভিতৰতে বিদ্ৰোহৰ উকমুকনি হৈ থকা অৱস্থাতে শুকুৰবাৰে হায়দৰাবাদত বিজেপিৰ সভাপতিয়ে এই মন্তব্য প্ৰকাশ কৰে। বিজেপিৰ চাণক্যস্বৰূপ অমিত শ্বাহে জনালে যে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে। তেলেংগানাত লোকসভা নিৰ্বাচনৰ কৌশল ৰচনাৰ বাবে অমিত শ্বাহে দলীয় বৈঠক আহ্বান কৰিছিল। বিজেপিবিৰোধী অৱস্থান গ্ৰহণ কৰা ৰাজ্যসমূহক নিজৰ দখললৈ অনাৰ বাবে অমিত শ্বাহে ইতিমধ্যে কৌশল ৰচনা কৰিছে। বিহাৰ, অন্ধ্ৰপ্ৰদেশ, তেলেংগানাৰ পৰিস্থিতি অধ্যয়ন কৰাৰ বাবে বিজেপিৰ অধ্যক্ষগৰাকীয়ে ইতিমধ্যে ভ্ৰমণ সম্পূৰ্ণ কৰিছে ।

- Log in to post comments
- 5 views
