৫০খন সভাত অংশ ল’ব মোডীয়ে

৫০খন সভাত অংশ ল’ব মোডীয়ে

জনসমৰ্থনত ব্যাপক খহনীয়া আৰম্ভ হোৱাত প্ৰচণ্ডভাৱে শংকিত ভাৰতীয় জনতা পাৰ্টীয়ে সমাগত লোকসভা নিৰ্বাচনৰ বাবে এতিয়াৰে পৰাই প্ৰচাৰ অভিযানত ধুমুহা সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছে এই প্ৰচাৰ অভিযানৰ ক্ষেত্ৰত বিজেপিৰ একমাত্ৰ কাণ্ডাৰী হৈছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী বিজেপিৰ পৰিকল্পনা, অহা মাহৰ ফেব্ৰুৱাৰী মাহলৈকে নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি হিচাপে মোডীয়ে অকলেই ৫০খন সভা অনুষ্ঠিত কৰিব সাম্প্ৰতিক কেইমাহৰ ভিতৰত উত্তৰ প্ৰদেশসহ কেইবাখনো বিজেপিশাসিত ৰাজ্যত অনুষ্ঠিত উপ-নিৰ্বাচনত বিজেপি শোচনীয়ভাৱে পৰাজিত হৈছে বিশেষকৈ উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু ৰাজস্থানত দলটো তেওঁলোকৰ শক্তিশালী দুৰ্গ হিচাপে পৰিচিত কেইবাটাও সমষ্টিত লজ্জাজনকভাৱে পৰাজিত হৈছে উক্ত ফলাফলৰ পৰিপ্ৰেক্ষিতত এতিয়া সমাগত ২০১৯ চনৰ লোকসভা নিৰ্বাচন প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী তথা) বিজেপিৰ বাবে অগ্নিপৰীক্ষাৰ দৰে হৈ পৰিছে ২০১৪ চনত বিজেপিয়ে ৰাজস্থানৰ মুঠ ২৫খন লোকসভা আসনৰ ২৫খনেই লাভ কৰিছিল আনহাতে, উত্তৰ প্ৰদেশৰ ৮০খন আসনৰ ভিতৰত ৭১খন আসন বিজেপিয়ে লাভ কৰিছিল একেদৰে বিহাৰত মুঠ ৪০খন আসনৰ ভিতৰত এই দলটোৱে লাভ কৰিছিল ২২খন আসন কিন্তু হিন্দী বলয়ত পৰিস্থিতি এতিয়া আৰু ২০১৪ চনৰ দৰে হৈ থকা নাই বিমুদ্ৰাকৰণ, জি এছ টি আৰু কৃষকসকলৰ সমস্যা আদি ইচ্ছ্যুক কেন্দ্ৰ কৰি এই ৰাজ্যবোৰত বিজেপিৰ জনপ্ৰিয়তা ব্যাপকভাৱে হ্ৰাস পাইছে নিৰ্বাচনৰ পূৰ্বে মোডীয়ে দিয়া বিপুল কৰ্মসংস্থাপন আৰুআচ্ছে দিন প্ৰতিশ্ৰুতিও পূৰণ হোৱা নাই সৰ্বসাধাৰণ জনতাৰ বিজেপি আৰু মোডীৰ প্ৰতি মোহভংগ ঘটিছে এনে পিৰস্থিতিত এই দলে সমাগত নিৰ্বাচনত ২০১৪ চনৰ দৰে ফলাফল প্ৰত্যাশা কৰিব পৰা নাই বিজেপিৰ জনসমৰ্থনৰ এই খহনীয়াৰ সুযোগ লৈ বিৰোধী দলবোৰে মহাজোঁট গঠনৰ তৎপৰতা আৰম্ভ কৰিছে কিন্তু বিৰোধী পক্ষই যাতে অধিক সুযোগ নোৱাৰে তাৰবাবে মোডী-অমিত শ্বাহ আৰু আৰ এছ এছে হিন্দী বলয়ৰ আসনসমূহ ধৰি ৰাখিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰিছে আৰু বিভিন্ন পৰিকল্পনা প্ৰস্তুত কৰিছে হিন্দী বলয়ৰ উপৰি ওড়িশা আৰু পশ্চিমবংগৰ বৃহৎসংখ্যক লোকসভা আসন দখল কৰাৰো পৰিকল্পনা কৰিছে মোডী আৰু অমিত শ্বাহে এই লক্ষ্যৰেই বিজেপিয়ে বিজেপিশাসিত ৰাজ্যবোৰসহ সমগ্ৰ উত্তৰ আৰু পূব ভাৰতত অহা ফেব্ৰুৱাৰীলৈকে কমেও ২০০খন জনসভা অনুষ্ঠিত কৰিব ইয়াৰে ৫০খন সভা প্ৰধান মন্ত্ৰীয়ে অকলেই অনুষ্ঠিত কৰিব পশ্চিমবংগত মুঠ লোকসভা আসনৰ সংখ্যা ৪২খন ইয়াৰে অধিকসংখ্যক আসন দখলৰ লক্ষ্যেৰে পশ্চিমবংগত অধিক সময় প্ৰচাৰত ব্যয় কৰিব মোডীয়ে বিজেপিৰ সূত্ৰই জনোৱা মতে, মোডী আৰু অমিত স্বহে পশ্চিমবংগৰ বিভিন্ন ঠাইত কমেও ১০-১২খন জনসভা অনুষ্ঠিত কৰিব অহা ফেব্ৰুৱাৰীৰ পূৰ্বলৈকে অহা ১৬ জুলাইত মোডীয়ে মেদিনীপুৰত বিশাল জনসভাত ভাষণ দিব পশ্চিমবংগত এয়াই মোডীৰ প্ৰথম জনসভা এই সভাত মোডীয়ে কি বাৰ্তা দিয়ে তালৈ লক্ষ্য ৰাখিছে ৰাজনৈতিক মহলে কিন্তু পশ্চিমবংগ আৰু ওড়িশাক মোডী-অমিত শ্বাহে টাৰ্গেট কৰি লেও তেওঁলোকে ভালকৈয়ে জানে যে গো-বলয়েই হৈছে বিজেপিৰ ক্ষমতা দখলৰ বাবে একমাত্ৰ সোপান গো-বলয়, বিশেষকৈ বিহাৰ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, গুজৰাট আৰু হাৰিয়ানাত বিজেপিয়ে যদি মুখ থেকেচা খায়, তেনেহলে দিল্লীৰ মছনদৰ পৰা ছিটিকি যাব বিজেপিৰ প্ৰধান মুখ নৰেন্দ্ৰ মোডী সেয়ে মোডী-অমিত শ্বাহে দলৰ সকলো নেতা-কৰ্মীক এতিয়াৰে পৰাই সৰ্বশক্তি লৈ জঁপিয়াই পৰিবলৈ নিৰ্দেশ দিছে

Your Comments