নিখিল ভাৰত মটৰ পৰিবহণ কংগ্ৰেছে অহা ২০ জুলাইৰ পুৱা ৬ বজাৰ পৰা দেশজুৰি অনিৰ্দিষ্টকালীন চকাবন্ধ ঘোষণা কৰিছে। নিখিল ভাৰত মটৰ পৰিবহণ কংগ্ৰেছৰ প্ৰধান দাবী হ’ল, পেট্ৰ’পণ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ, এই সামগ্ৰীবিধ জি এছ টিৰ আওতালৈ অনা, ভাৰতবৰ্ষত টোলগে’ট ব্যৱস্থা বন্ধ কৰা, অত্যধিক হাৰত থাৰ্ড পাৰ্টী বীমা কৰ বৃদ্ধিৰ ব্যৱস্থা বন্ধ কৰা আদি। এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে সদৌ অসম মটৰ পৰিবহণ সন্থাৰ সচিবপ্ৰধান প্ৰদীপ দাসে। দাসে জনোৱা মতে, নিখিল ভাৰত মটৰ পৰিবহণ কংগ্ৰেছে আহ্বান জনোৱা চকাবন্ধ কাৰ্যসূচীৰ প্ৰতি সদৌ অসম মটৰ পৰিবহণ সন্থাই পূৰ্ণ সমৰ্থন আগবঢ়াইছে আৰু এই ক্ষেত্ৰত ৰাজ্যৰ সমূহ পৰিবহণ ব্যৱসায়ীৰ সহযোগিতা কামনা কৰিছে। ইফালে অসমৰ বিভিন্ন জিলালৈ বান সাহায্য কঢ়িয়াই নিয়া যান-বাহন, গাখীৰ, পানী, বিজুলী আৰু ৰোগী কঢ়িওৱা যান-বাহনসমূহক চকাবন্ধ কাৰ্যসূচীৰ পৰা ৰেহাই দিয়া বুলিও বিবৃতিটোত প্ৰকাশ।
- Log in to post comments
- 10 views
