ভাৰতীয় এথলেটিকছত ইতিহাস সৃষ্টিৰে বিশ্ব এথলেটিকছত স্বৰ্ণ পদক দখল কৰিবলৈ সক্ষম হোৱা অসম জীয়াৰী হিমা দাসক উদ্দেশ্যি শুভেচ্ছা-অভিনন্দনৰ জোৱাৰ উঠিছে। বিভিন্ন অভিনন্দন বাৰ্তাৰ মাজত বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিছে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে টুইটাৰযোগে প্ৰকাশ কৰা এক বাৰ্তাই। অসমীয়া ভাষাত প্ৰকাশ কৰা এই শুভেচ্ছা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়- ‘২০ বছৰ অনূৰ্ধ্ব বিশ্ব এথলেটিকছ প্ৰতিযোগিতাৰ ৪০০ মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰা উদীয়মান স্প্ৰিণ্ট তাৰকা হিমা দাসক অভিনন্দন জনালো। উক্ত শিতানত ভাৰতৰ এয়া প্ৰথমটো স্বৰ্ণ বিজয়। ভাৰতবৰ্ষ তথা অসমৰ বাবে গৌৰৱৰ মুহূৰ্ত। হিমাৰ সাফল্য অলিম্পিকত ভাৰতৰ বাবে আশাৰ বতৰা!-ৰাষ্ট্ৰপতি কোৱিন্দ।’ উল্লেখ্য যে অসমীয়া ভাষাত ৰাষ্ট্ৰপতি গৰাকীয়ে এনেধৰণে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰাটোৱে সংবেদনশীল অসমীয়া সমাজৰ অন্তৰ স্পৰ্শ কৰিছে।
- Log in to post comments
- 27 views
