গুৱাহাটীঃ বিশ্বত প্ৰতিবছৰে প্ৰদূষিত বায়ু সেৱনৰ ফলত ৭ নিযুত লোকে প্ৰাণ হেৰুৱাই আহিছে।
বিশ্বৰ প্ৰতি দহজন লোকৰ নজনেই বৰ্তমান অতিমাত্ৰা প্ৰদূষণযুক্ত বায়ু গ্ৰহণ কৰি
আছে। এই তথ্য বিশ্ব স্বাস্থ্য সংস্থাৰ বিশ্বৰ ১০৮খন দোশত আৰু ৪,৩০০খনৰো অধিক
নগৰৰ বায়ু প্ৰদূষণ সম্পৰ্কীয় বিভিন্ন তথ্য বিশ্লেষণৰ পিছত পোহৰলৈ আহিছে। বিশ্ব
স্বাস্থ্য সংস্থাটোৱে সদৰী কৰামতে বিশ্বৰ ৯০ শতাংশ লোকেই বৰ্তমান প্ৰদূষিত বায়ু
গ্ৰহণ কৰি আছে। প্ৰতিবেদনখনৰ মতে আফ্ৰিকা আৰু এছিয়াত বায়ু প্ৰদূষণৰ বাবে
বৃহৎসংখ্যক লোকৰ প্ৰাণহানি হয় প্ৰতিবছৰে। আমেৰিকা, ইউৰোপ আৰু ভূমধ্য সাগৰীয়
বায়ু প্ৰদূষণৰ মাত্ৰা বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰা মানতকৈ বহু বেছি। বিশ্ব
সংস্থাটোৰ মতে বিশ্বৰ আটাইতকৈ প্ৰদূষিত কুৰিখন নগৰৰ ভিতৰত ভাৰতৰ ১৪খন
আছে। চহৰকেইখনৰ ভিতৰত নতুন দিল্লী, বাৰানসী, কানপুৰ, ফৰিদাবাদ, গয়া,
পাটনা, আগ্ৰা, মুজাফৰপুৰ, শ্ৰীনগৰ, গুড়গাঁও, জয়পুৰৰ নাম আছে।
- Log in to post comments
- 125 views
