
গুজৰাটৰ পাতিদাৰ সম্প্ৰদায়ৰ সংৰক্ষণ আন্দোলনৰ নেতা হাৰ্দিক পেটেল গুৰুতৰভাৱে অসুস্থ ৷ একেৰাহে ১৪ দিন ধৰি অনশন কৰাৰ ফলত পেটেলৰ স্বাস্থ্যৰ চৰম অৱনতি ঘটে ৷
শুকুৰবাৰে তেওঁ শ্বাসকষ্ট অনুভৱ কৰাত তেওঁক পাতিদাৰ অনামত আন্দোলনৰ সমিতিৰ (পি এ এ এছ) সদস্যসকলে আহমেদাবাদৰ চৰকাৰী হাস্পতালত ভৰ্তি কৰে ৷
শিক্ষা আৰু চাকৰিত পেটেল সম্প্ৰদায়ৰ বাবে সংৰক্ষণ আৰু কৃষকসকলৰ ঋণ ৰেহাইৰ দাবীত হাৰ্দিক পেটেল বিগত ১৪ দিন ধৰি আমৰণ অনশন কৰি আছে ৷
পি এ এ এছৰ আহ্বায়ক মনোজ পানাৰাই শুকুৰবাৰে সাংবাদিকক কয়, ‘অনশনৰ ফলত শুকুৰবাৰে হাৰ্দিকৰ শ্বাসকষ্ট আৰম্ভ হয় ৷ কেইবাবাৰো তেওঁ সংজ্ঞাহীনো হৈ পৰে ৷ ফলত তেওঁ যিকোনো সময়ত ক’মা অৱস্থালৈ গুচি যাব পাৰে ৷
সেয়ে হাৰ্দিকৰ মতামত নোলোৱাকৈয়ে আমি তেওঁক ছোলা অসামৰিক হাস্পতালত ভৰ্তি কৰাইছোঁ ৷’
উল্লেখ্য যে অনশনৰ ফলত হাৰ্দিকৰ শৰীৰৰ ওজন ২০ কিঃগ্ৰাঃ হ্ৰাস পাইছে ৷
গুজৰাটৰ বিজেপি চৰকাৰে হাৰ্দিকৰ অনশনত কোনো গুৰুত্ব নিদয়াত যোৱা বৃহস্পতিবাৰৰ পৰা সংৰক্ষণ আন্দোলনৰ এই নেতাগৰাকীয়ে পানী খোৱাও বন্ধ কৰি দিয়ে ৷ তাৰপিছৰে পৰাই হাৰ্দিকৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে ৷
- Log in to post comments
- 18 views