
দেশত দ্ৰুতবেগী ৰে’ল সেৱাৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে ভাৰত চৰকাৰে জাপানৰ পৰা ক্ৰয় কৰিব ১৮খন বুলেট ট্ৰেইন ৷
ভাৰত চৰকাৰৰ সূত্ৰই সংবাদ মাধ্যমক জনোৱা অনুসৰি ক্ৰয় কৰিবলগীয়া বুলেট ট্ৰেইনকেইখনৰ সৰ্বমুঠ মূল্য হ’ব ৭,০০০ কোটি টকা ৷
এই ক্ষেত্ৰত ভাৰত চৰকাৰে ইতিমধ্যে জাপানৰ স’তে এক চুক্তি কৰিছে ৷
উক্ত চুক্তিৰ আধাৰত, ট্ৰেইনসমূহৰ লগতে স্থানীয়ভাৱে উৎপাদনৰ সহায়ক হোৱাকৈ প্ৰযুক্তিও জাপানে ভাৰতলৈ আগবঢ়ায় ৷
প্ৰাপ্ত তথ্য অনুসৰি ভাৰতে ক্ৰয় কৰিবলগীয়া বুলেট ট্ৰেইন একোখনৰ গতিবেগ হ’ব প্ৰতি ঘণ্টাত ৩৫০ কিলোমিটাৰ ৷
প্ৰতিখন ট্ৰেইনত ১০টাকৈ ডবা থাকিব ৷ উল্লেখ্য যে ভাৰতত বুলেট ট্ৰেইন সেৱা ২০২২ বৰ্ষৰ পৰা আৰম্ভ হ’ব ৷
প্ৰথম ট্ৰেইনখন চলিব মুম্বাই আৰু আহেমদাবাদৰ মাজত ৷
এই সেৱাৰ বাবে ভাৰত চৰকাৰে প্ৰয়োজনীয় আন্তঃগাথঁনি জাপানৰ সহায়ত নিৰ্মাণ কৰি আছে ৷
ইয়াৰ বাবে জাপানে ভাৰতক ৮৮,০০০ কোটি টকাৰ ঋণ আগবঢ়াইছে ৷
- Log in to post comments
- 14 views