- 30 views

গোলাঘাটৰ চিনাতলী গাঁৱত উদ্ধাৰ হৈছে এটা দুষ্প্ৰাপ্য বন মেকুৰী । যোৱা কিছুদিনৰ পৰা সমগ্ৰ অঞ্চলটোত হাঁহ, কুকুৰা আদি ভক্ষণ কৰি ত্ৰাসৰ সৃষ্টি কৰি অহাৰ সময়তে বৃহস্পতিবাৰে নিশা স্থানীয় পদ্মেশ্বৰ হাজৰিকা নামৰ ব্যক্তিজনে এটা পিঞ্জৰা পাতি এই দুষ্প্ৰাপ্য মেকুৰীটো ধৰিবলৈ সক্ষম হয় । অৱশ্যে পিছত বন বিভাগৰ লোক উপস্থিত হৈ বন মেকুৰীটো উদ্ধাৰ কৰে ।