আহমেদাবাদ জিলা সমবায় বেংকত জমা হোৱা ৭৪৫ কোটি কাৰ টকা

AH-BANK

আহমেদাবাদ জিলা সমবায় বেংকত বেআইনীভাৱে বিশাল পৰিমাণৰ ধন জমা কৰাৰ কেলেংকাৰি পোহৰলৈ অহাৰ পিছতো কেন্দ্ৰৰ নৰেন্দ্ৰ মোডীৰ চৰকাৰ ৰহস্যজনকভাৱে নীৰৱ। প্ৰধান মন্ত্ৰী বিমুদ্ৰাকৰণৰ সিদ্ধান্ত ঘোষণা কৰাৰ মাত্ৰ ৫ দিনৰ ভিতৰতে এই বেংকত বেআইনীভাৱে ৭৪৫ কোটিৰো অধিক টকা জমা কৰা হৈছিল। কেৱল সেয়াই নহয়, বিমুদ্ৰাকৰণৰ পিছত জিলা সমবায় বেংকসমূহে ফটা নোট জমা ল’ব নোৱাৰিব বুলি ভাৰতীয় ৰিজাৰ্ভ বেংকে দিয়া নিৰ্দেশকো এই বেংকে উলংঘা কৰিলে।বিজেপি সভাপতি অমিত শ্বাহ স্বয়ং এই আহেমদাবাদ জিলা সমবায় বেংকৰ সক্ৰিয় পৰিচালন সঞ্চালক। স্বাভাৱিকভাৱেই এই বৃহৎ কেলেংকাৰিৰ তদন্তৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰাটো মোডী চৰকাৰৰ নৈতিক দায়িত্ব। কিন্তু চৰকাৰ সম্পূৰ্ণ নীৰৱ হৈ থকাত সন্দেহ ঘনীভূত হৈ পৰিছে যে শাসক পক্ষই এই কেলেংকাৰিক গাপ দিবলৈহে তৎপৰ। তাতোকৈ ডাঙৰ প্ৰশ্ন, নাবাৰ্ডৰ ভূমিকাক লৈ। কেলেংকাৰি পোহৰলৈ অহাৰ লগে লগে ৰহস্যজনকভাৱে নাবাৰ্ডৰ তৰফৰ পৰা জনোৱা হয় যে আহমেদাবাদৰ এই বেংকৰ ১৬ লাখ গ্ৰাহকৰ ভিতৰত ৯৮.৬৬ শতাংশ গ্ৰাহকেই ২০১৬ চনৰ ৯ নৱেম্বৰৰ পৰা ১৪ নৱেম্বৰৰ ভিতৰত অৰ্থাৎ বিমুদ্ৰাকৰণৰ ঘোষণাৰ পাঁচদিনৰ ভিতৰত ২.৫ লাখৰো কম পৰিমাণৰ টকাহে এই বেংকত জমা কৰিছে। কিন্তু নাবাৰ্ডে ততাতৈয়াকৈ এই ধৰণৰ তথ্য দাখিল কৰি কেলেংকাৰিৰ প্ৰকৃত তথ্য গাপহে দিছে। লগতে বৃহৎ কেলেংকাৰিৰ পিছতো জিলা সমবায় বেংকক ক্লিনশ্বীটহে দিব বিচাৰিছে। নাবাৰ্ডৰ দাবী, ৯৬.৬৬ শতাংশ গ্ৰাহকে ২.৫ লাখৰো কম টকা জমা দিছে আৰু এই ক্ষেত্ৰত সমবায় বেংকে কোনো অনিয়ম সংঘটিত কৰা নাই। কিন্তু বেংকৰ ১৬ লাখ গ্ৰাহকৰ বাকী ১.৪ শতাংশ গ্ৰাহকে যে ২.৫ লাখতকৈ অধিক ধন জমা দিছে আৰু মুঠ জমা দিয়া ৭৪৫ কোটি টকাৰ ৬০ শতাংশ যে এই ১.৪ শতাংশ গ্ৰাহকে জমা দিছে সেই তথ্য নাবাৰ্ডে উদ্দেশ্যমূলকভাৱে গাপ দিছে। এই ১.৪ শতাংশ গ্ৰাহক অৰ্থাৎ মাত্ৰ ২৩০জন গ্ৰাহকে জমা দিয়া ধনৰ পৰিমাণ কিমান আৰু এই গ্ৰাহকসকল কোন, সেই তথ্য নাবাৰ্ডে অৱশ্যেই সদৰী কৰিব লাগিব। তদুপৰি, নাবাৰ্ডে এই ২৩০ গ্ৰাহকৰ নামৰ তালিকা কিয় প্ৰকাশ নকৰে তাকে লৈও প্ৰশ্ন উঠিছে। নাবাৰ্ডে এইসকল গ্ৰাহকৰ জমা টকাৰ পৰিমাণসহ তেওঁলোকৰ সকলো তথ্য আয়কৰ বিভাগক জনোৱা উচিত। কিন্তু নাবাৰ্ডে এই বিষয়বোৰ এৰাই চলিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে চৰকাৰৰ বিমুদ্ৰাকৰণৰ ঘোষণাৰ পিছতেই দেশৰ সকলো জিলা সমবায় বেংকসমূহক ফটা নোটবোৰ জমা নল’বলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছিল। কিন্তু ৰিজাৰ্ভ বেংকৰ সেই নিৰ্দেশ উলংঘা কৰি আহেমদাবাদৰ বেংকে বিমুদ্ৰাকৰণৰ পিছতো ১০০০ আৰু ৫০০ ফটা নোট জমা লৈছিল। আমিত শ্বাহ এই বেংকৰ বোৰ্ডৰ সঞ্চালক। প্ৰশ্ন উঠিছে, তেওঁৰ পৃষ্ঠপোষকতাতেই এই অনিয়ম সংঘটিত হৈছে নেকি। ভাৰতত কৃষি খণ্ডক আয়কৰৰ পৰা ৰেহাই দিয়া হৈছে। ইয়াৰে সুবিধা লৈ অনা-কৃষি খণ্ডৰ বহু ব্যক্তিয়ে আয়কৰ ফাঁকি দি ক’লা ধন কৃষি খণ্ডৰ পৰা আয় কৰা বুলি দেখুৱাই বেংকত জমা কৰি আহিছে।

Your Comments