assamgovt

*শিক্ষা সংসদৰ ঘোষণাক শিক্ষামন্ত্ৰীৰ নস্যাৎ,মে'ৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা*

চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা।শিক্ষামন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে ঘোষণা কৰিলে এই কথা।

মন্ত্ৰী শৰ্মাই ঘোষণা কৰা অনুসৰি ১১মে'ৰ পৰা আৰম্ভ হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু ১২ মে'ৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত  বৰ্ষৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব।

পৰীক্ষাৰ্থীৰ সুবিধা হোৱাকৈ মন্ত্ৰীগৰাকীয়ে ফলাফল ঘোষণা কৰাৰ দিনো উল্লেখ কৰিছে টুইটটোত।৭জুলাইত ফলাফল ঘোষণা হ'ব মেট্ৰিকৰ।৩০জুলাইত উচ্চতৰ মাধ্যমিকৰ ঘোষণা হ'ব ফলাফল।