দুৰ্বল শ্ৰীলংকাৰ হাতত 'টী-২০' শৃংখলাত পৰাজয়ৰ পিছত অধিনায়কত্ব গ'ল ছৰফৰাজ আহমেদৰ

Pic

দুৰ্বল শ্ৰীলংকা দলৰ হাতত পাকিস্তান 'টী-২০' শৃংখলাত পৰাস্ত হোৱাৰ পিছত পাকিস্তান ক্ৰিকেট দলৰ অধিনায়ক ছৰফৰাজ আহমেদক অধিনায়ক পদৰ পৰা অব্যাহতি প্ৰদান কৰা হৈছে।দলৰ পৰাজয়ৰ বাবে এনেদৰে ছৰফৰাজে মূৰ পাতি লব লগা হয়।এতিয়া পাকিস্তানৰ টেষ্ট দলৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে আজহাৰ আলীক।আনহাতে,টী-২০ দলৰ অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে বাবৰ আজমক।উল্লেখ্য যে দুৰ্বল ফৰ্মৰ ছৰফৰাজ আহমেদক টেষ্ট আৰু টী-২০ দলৰ পৰাও বাহিৰ কৰি দিয়া হৈছে।

Your Comments